ৰাতি ওটচ খালে কিবা লাভ হয়নে? Is taking oats at night beneficial?

0
292
ওটচ আজিকালি সকলোৰে মাজত বহুলভাৱে জনপ্ৰিয়৷ হেল্‌থি খাদ্যৰ ভিতৰত ওটচ অন্যতম৷ ব্ৰেকফাষ্টৰ পৰা নৈশভোজনলৈ বিভিন্ন ধৰণে ওটচক খোৱা হয়৷ পিছে ৰাতি ওটচ খোৱাটো উচিতনে? কি কয় বিশেষজ্ঞই৷
  • নিউট্ৰিশ্যনিষ্টৰ মতে ওটচ খোৱাৰ কোনো সময় নাই৷ ইয়াক যিকোনো সময়তে গ্ৰহণ কৰিব পাৰে৷ ৰাতি ওটচ খোৱাটো একেবাৰে নিৰাপদ৷ ওটচত ট্ৰিপ্টোফেন নামৰ এবিধ এমিন’ এচিড থাকে, যাৰ প্ৰভাৱ স্নায়ুৰ ওপৰত পৰে আৰু ভাল টোপনি অহাত সহায়ক হয়৷
  • লগতে ওটচে চেৰোটনিন উৎপন্ন কৰাত বিশেষভাৱে সহায় কৰে৷ চেৰোটনিন হৈছে একপ্ৰকাৰৰ হৰমন, যাৰ নিঃসৰণৰ ফলত মানসিক অৱসাদ, স্ত্ৰেচ আদি দূৰ হয়৷ সেয়েহে ৰাতি ওটচ খোৱাটো যথেষ্ট লাভদায়ক৷
When You Eat Oatmeal Every Day, This Is What Happens
  • একেদৰে ওটচ প্ৰচুৰ পৰিমাণৰ ফাইবাৰযুক্ত হোৱা হেতুকে ই বহু দেৰিলৈ পেট ভৰ্তি হৈ থকাৰ অনুভৱ কৰায়৷ যাৰ বাবে ৰাতি ওটচ খালে ভোকত আৰু সাৰ পাব লগা পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here