মহানগৰ যান-বাহন আৰক্ষীৰ নতুন শ্ল’গান– হাম দ’ হামাৰে দ’ || City Traffic Police slogan: Hum Do, Hamare Do

0
1384
পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ মহানগৰ আৰক্ষীয়ে বিশেষ ব্যৱস্থা হাতত লৈছে৷ এক ডিচেম্বৰৰ পৰা বাইক চলোৱাৰ ক্ষেত্ৰত সলনি হ’ব নিয়ম৷ গুৱাহাটীত দুচকীয়া বাহন আৰোহীসকলৰ বাবে সুৰক্ষা ব্যৱস্থা কঠোৰ কৰাৰ পদক্ষেপত কামৰূপ মহানগৰ জিলা প্ৰশাসনে এক ডিচেম্বৰৰ পৰা চালক আৰু আৰোহীৰ বাবে হেলমেট পিন্ধাটো বাধ্যতামূলক কৰিছে৷ হাম দ’ হামাৰে দ’ মহানগৰ যান-বাহন আৰক্ষীৰ নতুন শ্ল’গানেৰে আৰম্ভ হৈছে এই বিশেষ ব্যৱস্থা৷ নতুন নিয়ম অনুসৰি বাইকত দুই আৰোহীয়ে পৰিধান কৰিব লাগিব হেলমেট৷ দুচকীয়া বাহনৰ পাছফালে বহা আৰোহীয়েও পৰিধান কৰিব লাগিব হেলমেট৷ এই নিয়ম নামানিলে ভৰিব লাগিব এক হাজাৰ টকাৰ জৰিমনা৷ ইফালে এই সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি গুৱাহাটী আৰক্ষী আয়ুক্ত হৰমিত সিঙে কয় যে প্ৰশাসনে নতুন নিয়ম উলংঘা কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব৷ দুচকীয়া বাহনত চালক আৰু আৰোহীৰ বাবে হেলমেট পিন্ধাৰ নিয়ম কঠোৰভাৱে কাৰ্যকৰী হ’ব৷ নিয়ম উলংঘা কৰাৰ পাছত লোকসকলক জৰিমনা বিহা হ’ব আৰু প্ৰয়োজন হ’লে এজাহাৰো দাখিল কৰা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here