বয়সানুযায়ী শৰীৰৰ কিমান ওজন থাকিলে আপুনি ‘পাৰফেক্ট’

0
41

শৰীৰৰ আদৰ্শ ওজন কি? কিমান বয়সত শৰীৰৰ ওজন কিমান থকা জৰুৰী৷ বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি প্ৰতিজন ব্যক্তিৰ ক্ষেত্ৰত বয়স অনুযায়ী কিমান ওজন থকা উচিত সেইটো মোটামুটি নিৰ্ধাৰণ কৰা হয়৷ শৰীৰৰ অতিৰিক্ত ওজন বঢ়াটো অকল শাৰীৰিক সমস্যাই নহয়, এই সমস্যাই মানসিক চাপো বৃদ্ধি কৰে৷ শৰীৰৰ অতিৰিক্ত ওজনৰ কাৰণে বহুতেই স্বাভাৱিক জীৱন অতিবাহিত কৰিব নোৱাৰে৷ বিভিন্ন শাৰীৰিক সমস্যা, ৰোগ-ব্যাধি, অসুস্থতাই দেখা দিয়ে৷ সেয়ে দৈনন্দিন জীৱনত শাৰীৰিক ওজন স্বাভৱিক কাম-কাজৰ বাবে শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ৷ চিকিৎসক তথা সাধাৰণ মানুহেও কম-বেছি পৰিমাণে জানো যে শৰীৰত মেদ বা চৰ্বি জমা হোৱাটো ভাল লক্ষণ নহয়৷ অতিৰিক্ত মেদে ওজন বঢ়োৱাৰ উপৰি বিভিন্ন আনুষংগিক সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ সুস্থ জীৱন-যাপনৰ কাৰণে প্ৰত্যেকেই এটা নিৰ্দিষ্টভাৱে শাৰীৰিক ওজন বজাই ৰখাটো দৰকাৰ৷ আমাৰ দেহৰ ওজন কিমান হোৱা উচিত, তাৰ বিভিন্ন মাত্ৰা আছে৷ কোনো ব্যক্তিৰ ওজন তথা উচ্চতাৰ সঠিক জোখ কৰা হয় এই মাত্ৰা নিৰ্ধাৰণ হয়৷ সহজ ভাষাত বি এম আই নিৰ্ধাৰণৰ অংকটো হ’ল– শৰীৰৰ ওজনক [কেজি] উচ্চতাৰ [মিটাৰ] বৰ্গমূলেৰে ভাগ কৰা৷ অৰ্থাৎ কোনোবা এজনৰ শৰীৰৰ ওজন ৮০ কেজি হ’লে তাৰ উচ্চতাৰ ১.৮ মিটাৰ হ’লে এই ব্যক্তিজন বি এম আই হ’ব ২৪.৭৷ সাধাৰণতে এই ক্ষেত্ৰত ১৮.২৫ক আদৰ্শ মাত্ৰা হিচাপে ধৰা হয়, ২৫-৩০ মানে ওজন বেছি আৰু ৩০ৰ বেছি হ’লে অতি বেছি ধৰা হয়৷ অৱশ্যে এছিয়াৰ ক্ষেত্ৰত ইয়াৰ কিছু পৰিৱৰ্তন কৰা হৈছে৷ কাৰণ পাশ্চাত্য লোকৰ তুলনাত অধিকাংশ ক্ষেত্ৰত আমাৰ দেশৰ লোকৰ উচ্চতা কম হয়৷ আমাৰ দেশৰ ক্ষেত্ৰত বি এম আই ২০১ বেছি হ’লে তাৰ ওজন বেছি ধৰা হয়৷ বয়স, শাৰীৰিক উচ্চতা, দেহৰ গঠন আদি বিভিন্ন কাৰকৰ ওপৰত কোনো ব্যক্তিৰ ওজন নিৰ্ভৰ কৰে৷ সেয়ে আদৰ্শ ওজনৰ ধাৰণাৰ বাবে বি এম আইৰ সহায় লোৱা হয়৷ বয়স অনুসৰি মানুহৰ ওজন এইধৰণৰ হ’ব লাগে– পুৰুষ-মহিলাৰ নৱজাতকৰ ৩.৩ কেজি, ২১ পৰা ৫ মাহত ৬ কেজি, ৬ ৰপৰা আঠ মাহত ৬.৫ কেজিৰ পৰা ৭.২ কেজি, ছয়ৰ পৰা আঠ বছৰত ১৪-১৮.৭ কেজি, ৯ৰ পৰা ১১ বছৰত ১৪-১৭ কেজি, ১২ৰ পৰা ১৪ বছৰত ২৮-৩১ কেজি, ১৫ৰ পৰা ২০ বছৰত ৩২-৩৬ কেজি, ২১ৰ পৰা ৩০ বছৰত ৪০-৪৫ কেজি, ৩১ৰ পৰা ৪০ বছৰত ৫০-৬০ কেজি, ৪১ৰ পৰা ৫০ বছৰত ৫৯-৭৫ কেজি, ৫১ ৰপৰা ৬০ বছৰত ৫৯-৬৩ কেজি থকাটো উচিত৷ আনহাতে মাত্ৰাধিক পৰিমাণে ওজন হ্ৰাস হ’লেও বিপদ আহিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here