ভৰিৰ নখৰ যত্ন ল’বলৈ এইবিধ সহজ টিপ্‌ছ

0
31

আমি মুখ আৰু ছালৰ যিদৰে যতন লওঁ৷ কিন্তু ভৰিৰ যত্নৰ ক্ষেত্ৰত অৱহেলা কৰোঁ৷ ভৰিৰ যতনৰ লগতে ভৰিৰ নখৰ কোনো যত্নৰ চেষ্টা নকৰোঁ৷ অৰ্থাৎ মুখৰ যতনৰ গুৰুত্বপূৰ্ণ যদিও ভৰি, হাতৰ যত্নৰ ক্ষেত্ৰত উদাসীন৷ সেয়ে অযত্নৰ ফলত ভৰিৰ নখৰ অৱস্থা অত্যন্ত বেয়া হয় আনকি দীঘলীয়া সময়ৰ অযতনৰ ফলত নখৰ নানা ৰোগে তথা সংক্ৰমণ হ’ব পাৰে৷ সেয়ে ভৰিৰ নখ যতনৰ বাবে বা উজ্জ্বল কৰি ৰাখিবলৈ টুথপেষ্ট ব্যৱহাৰ কৰিব পাৰি৷ টুথপেষ্ট ব্যৱহাৰ কৰি নখৰ উজ্জ্বলতা বঢ়াব পাৰি৷ ইয়াৰ বাবে নখত টুথপেষ্ট লগাই ব্ৰাছ বা স্ক্ৰাবাৰৰ দ্বাৰা ভালদৰে ঘঁহি নখবোৰ চাফা কৰিব পাৰি৷ কিছু সময়ত ঘঁহাৰ পাছত পৰিষ্কাৰ পানীৰে নখবোৰ ধুই দিব৷ তাৰ পাছত নখবোৰত অলিভ অইল লগাওক৷ পাছত চাফা কাপোৰেৰে নখবোৰ মচি দিব৷ নখবোৰ অলিভ অইল লগোৱাৰ পাছত নৰম হোৱাৰ পাছত মাছাজ কৰিব৷ ইয়াৰ ফলত নখবোৰত লাগি থকা ধূলি-বালি, ময়দা আতৰ হৈ যায় আৰু দেখাত সুন্দৰ হ’ব৷ এইদৰে সপ্তাহত কমেও চাৰিদিন কৰিলে আপোনাৰ নখবোৰ দেখাত চকচকীয়া আৰু উজ্জ্বল হৈ উঠিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here