ৰাতিৰ সাঁজত কিয় শাক খোৱা অনুচিত? Why shouldn’t leafy vegetables be taken at dinner?

0
955

প্ৰায় সকলোৰে ঘৰত শীতকালত দুপৰীয়া ভাতৰ সাঁজত শাক থাকেই৷ কিন্তু ৰাতিৰ ভাগত সাধাৰণতে এই ব্যঞ্জনবিধ খোৱা নহয়৷ বহুতৰ ঘৰত ৰাতি শাক খোৱাত নিষেধাজ্ঞা আছে৷ বিশেষকৈ বহুতেই ৰাতি শাক খোৱাৰ পক্ষপাতী নহয়৷
শাকত প্ৰচুৰ পৰিমাণে পুষ্টিগুণ থাকে, যি নিয়মিতৰূপে খোৱাটো স্বাস্থ্যৰ পক্ষে উপকাৰী৷ কিন্তু ৰাতি শাক খোৱাটো মানা কৰিছে চিকিৎসকে৷ কাৰণ হিচাপে শাকত প্ৰচুৰ পৰিমাণে আইৰন থাকে৷ আইৰনে তেজত হিম’গ্লবিন আৰু লোহিত ৰক্তকণিকা বঢ়োৱাত সহায় কৰে৷

Easy Stir-fried Leafy Greens - VegFamily

কিন্তু অতিৰিক্ত পৰিমাণৰ আইৰন শৰীৰৰ কাৰণে ভাল নহয়৷ শৰীৰত আইৰনৰ পৰিমাণ বেছি হ’লে অত্যন্ত ক্লান্তি অনুভৱ হ’ব পাৰে, যাৰ ফলত ৰাতি টোপনিত ব্যাঘাত জন্মিব পাৰে৷ আনহাতে শাক হজম হ’বলৈ বহুত সময় লাগে৷ কিন্তু ৰাতি হজম প্ৰক্ৰিয়া ধীৰ গতিত হয়৷ সেয়েহে ৰাতি শাক খালে গেছ, এচিডিটি, বুকু জ্বলা-পোৰা কৰাৰ লগতে হজমৰ সমস্যা হ’ব পাৰে৷

  • তেনেহ’লে ৰাতি শাক খোৱাটো একেবাৰে অনুুচিত নেকি?

আচলতে তেনেকুৱা নহয়৷ যদি ৰাতি খোৱাৰ আধা ঘণ্টাৰ পাছত বিছনালৈ যোৱা হয়, তেতিয়াহ’লে শাক হজম হোৱাত কোনো অসুবিধাৰ সৃষ্টি নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here