বিশ্বৰ প্ৰথমজন অ’মিক্ৰন সংক্ৰমিতৰ মৃত্যু : ক’ত ? World’s first Omicron victim. Where?

0
538
কৰ’না ভাইৰাছৰ অ’মিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমণৰ কাৰণে ব্ৰিটেইনত প্ৰথমজন লোকৰ মৃত্যু হোৱা বুলি ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে নিশ্চিত কৰে ৷ উল্লেখ্য যে কভিড-১৯ৰ অতি বেছি সংক্ৰামক এই ভেৰিয়েণ্টৰ সংক্ৰমণৰ কাৰণে বিশ্বত মানুহৰ মৃত্যু ঘটা এয়ে প্ৰথম ৷ জনছনে কয় যে ডেল্টা ভেৰিয়েণ্টতকৈ অ’মিক্ৰন ভেৰিয়েণ্ট অনুগ্ৰ বুলি সন্তুষ্টি লভাৰ কাৰণ নাই আৰু তেওঁ জনসাধাৰণক বুষ্টাৰ ড’জ ল’বলৈ আহ্বান জনায়৷ অ’মিক্ৰনৰ সংক্ৰমণৰ কাৰণে ব্ৰিটেইনত প্ৰথমজন লোকৰ যে মৃত্যু হোৱাৰ খবৰ ওলোৱাৰ লগে লগে সমগ্ৰ দেশখনৰ টিকাকৰণ কেন্দ্ৰবোৰত টিকা ল’বলৈ মানুহৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা হয়৷ উল্লেখ্য যে প্ৰথমতে দক্ষিণ আফ্ৰিকাত ধৰা পৰা ভেৰিয়েণ্টটোৰ সংক্ৰমণৰ লক্ষণ মজলীয়া ধৰণৰ যেনে পানী লগা, অৱসাদ, মূৰ কামোৰণি আৰু ডিঙি চেৰচেৰোৱা আদি বুলি প্ৰথমতে কোৱা হৈছিল৷ কিন্তু ব্ৰিটেইনৰ বিশেষজ্ঞসকলৰ মতে, এই ভেৰিয়েণ্টৰ দ্ৰুত সংক্ৰমণ হয় আৰু তাৰ ফলত চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া লোকৰ সংখ্যা বাঢ়িছে৷ জনছনে কয় যে এতিয়া কেৱল লণ্ডনতে কৰ’না ভাইৰাছৰ ৰোগীসকলৰ প্ৰায় ৪০ শতাংশ আক্ৰান্ত হৈছে অ’মিক্ৰন ভেৰিয়েণ্টৰ দ্বাৰা ৷ দেশখনৰ স্বাস্থ্য সচিব ছাজিদ জাভেদে কয় যে অ’মিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমণ অতি দ্ৰুতগতিত বাঢ়িছে আৰু প্ৰতি দুদিন বা তিনি দিনত সংক্ৰমণ দুগুণ হৈ গৈ আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here