ৰাজ্যৰ জৰুৰীকালীন চিকিৎসাৰ বাবে ‘পশুধন সাৰথি’ এম্বুলেঞ্চ

0
342

ৰাজ্যখনৰ পশুপালন খণ্ডৰ বিকাশৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিক সবল কৰি তুলিবলৈ অসম চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা বুলি মন্তব্য কৰিছে পশুপালন মন্ত্ৰী অতুল বৰাই৷ গুৱাহাটীৰ খানাপাৰাস্থিত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়া প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত  এক অনুষ্ঠানত ৰাজ্যখনৰ ১৬খন জিলাৰ পশু চিকিৎসা বিষয়াসকলক পশুধন সাৰথি নামৰ এম্বুলেঞ্চ প্ৰদান কৰে মন্ত্ৰী বৰাই৷ অসমত প্ৰায় ২১ লাখ গাহৰি থকাৰ কথা উল্লেখ কৰি কয় যে নাজিৰাত ইতিমধ্যে এটা গাহৰি সংসাধন কেন্দ্ৰ স্থাপন কৰা হৈছে৷ 
এই কেন্দ্ৰটোৰ বাবে দৈনিক ৪০০ গাহৰিৰ প্ৰয়োজন হ’ব আৰু এই চাহিদা পূৰ কৰিবৰ বাবে মন্ত্ৰী বৰাই গাহৰি পালকৰ সংখ্যা বৃদ্ধি কৰাত গুৰুত্ব দিয়ে৷ পশুধন সাৰথি নামৰ এম্বুলেঞ্চ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে পশুপালকসকলৰ দুৱাৰডলিত পশু চিকিৎসা সেৱা সহজলভ্য কৰাৰ বাবে এই এম্বুলেঞ্চসমূহ আগবঢ়োৱা হৈছে৷ ইয়াৰ পূৰ্বেও ২০১৯ চনত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত প্তখন জিলালৈ এনে এম্বুলেন্স প্ৰেৰণ কৰা হৈছিল৷ পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অধীনত ১৫৯খন পশুধন এম্বুলেঞ্চ ৰাজ্যখনৰ বিভিন্ন জিলাত বিতৰণ কৰা হৈছিল বুলিও তেওঁ উল্লেখ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here