১৪৭ বছৰৰ পাছত আটাইতকৈ বেছি গৰম : ক’ত ?

0
284

জাপানত, বিশেষকৈ পূব জাপানত প্ৰচণ্ড গৰমে স্বাভাৱিক জীৱনত প্ৰভাৱ পেলাইছে৷ পূব জাপানত এক জুলাইৰ দিনটোকে ধৰি যোৱা এসপ্তাহ প্ৰচণ্ড গৰম পৰিছে৷ উষ্ণতা ১৪৭ বছৰৰ ভিতৰত সৰ্বোচ্ছ হৈছে৷ টকিঅ’ৰ চৌপাশৰ অঞ্চলবোৰত একেৰাহে সপ্তম দিনৰ বাবে উষ্ণতা ৩৫ ডিগ্ৰী চেলছিয়াছতকৈ বেছি হয়৷ চৰকাৰে নাগৰিকসকলক বিদ্যুতৰ ব্যৱহাৰ যিমান পাৰে সিমান কৰ্তন কৰিবলৈ পৰামৰ্শ দিছে, কিন্তু নিৰাপদে থাকিবৰ বাবে এয়াৰ কণ্ডিশ্যনাৰবোৰ চলাই থাকিবলৈ কৈছে৷ পৰৱৰ্তী সময়ত একেই অৱস্থা অব্যাহত থাকিব আৰু পশ্চিম ভাগৰ নাগোয়া মহানগৰত উষ্ণতা ৪০ ডিগ্ৰী চেলছিয়াছ হ’বগৈ পাৰে বুলি ভৱিষ্যদ্বাণী কৰা হৈছে৷ 
পাছত গৰম সামান্য কমিব পাৰে আৰু পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে৷ তেতিয়া জনসাধাৰণে অলপ সকাহ পাব৷ চৰকাৰে সতৰ্ক কৰি দিছে যে বিপজ্জনক অৱস্থা অব্যাহত থাকিব৷ ঘৰৰ বাহিৰলৈ ওলালে জনসাধাৰণে মাস্ক নিপিন্ধিলেও হ’ব৷ ২০১১ চনৰ মাৰ্চত ফুকুশ্বিমা পাৰমাণৱিক প্ৰকল্পৰ দুৰ্যোগৰ পাছত পাৰমাণৱিক ৰিয়েক্টৰবোৰ বন্ধ কৰি ৰখা হৈছে৷ এতিয়া বিদ্যুতৰ চাহিদা বৃদ্ধি পোৱাৰ বাবে চৰকাৰে তেনে ৰিয়েক্টৰবোৰ পুনৰ চলাবলৈ সিদ্ধান্ত লৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here