ৰাজ্যৰ ক’ত ক’ত স্থাপন কৰা হ’ব দুটা দুগ্ধ সংসাধন প্ৰকল্প

0
1185

ৰাজ্যত গাখীৰৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰখি নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট ব’ৰ্ড আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত দুগ্ধ যোৰহাট আৰু ডিব্ৰুগড়ত দুটা দুগ্ধ সংসাধন প্ৰকল্প স্থাপন কৰিব৷ দুগ্ধ উৎপাদকসকলক সকাহ দিবলৈ স্থাপন কৰিব খোজা এই প্ৰকল্প দুটাৰ বাবে মাটি ৰাজ্য চৰকাৰে দিবলৈ সিদ্ধান্ত লৈছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত দুগ্ধ উৎপাদকসকলে যাতে সঠিক দাম লাভ কৰে তাৰ বাবে স্থাপন কৰিব খোজা প্ৰকল্প দুটাৰ বাবে মাটি আবণ্টনত অনুমোদন জনোৱা হয়৷ 
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দিছপুৰত কয় যে এই প্ৰচেষ্টাৰ ফলত দুগ্ধ উৎপাদনত জড়িতসকলে সঠিক দাম লাভ কৰিব৷ ইফালে কেবিনেটৰ আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি আদালতসমূহত চলি থকা কেতবোৰ সৰু-সুৰা গোচৰ প্ৰত্যাহাৰ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ন্যায়িক বিভাগৰ হৈ গ্ৰহণ কৰা সিদ্ধান্তৰ কথা উল্লেখ কৰি মন্ত্ৰী  বৰুৱাই কয় যে ৰাজ্যৰ আদালতসমূহত প্ৰায় চ্ছ্ৰ.৩০ লাখ গোচৰ আছে৷ তাৰ ভিতৰত প্ৰায় তিনি লাখ সৰু সৰু গোচৰ৷ আদালতৰ দীঘলীয়া প্ৰক্ৰিয়াৰ ফলত সৰু-সুৰা গোচৰ থকা লোকসকলে ন্যায় নোপোৱাকৈ আছে৷ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি প্ৰায় তিনি লাখ গোচৰ প্ৰত্যাহাৰ হোৱাৰ পাছত আদালতত প্ৰায় এক লাখ গোচৰহে থাকিবগৈ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here