আপুনি কোমডৰ ব্যৱহাৰৰ সঠিক নিয়ম জানেনে ?

0
259

দৈনন্দিন জীৱনত অত্যন্ত ব্যৱহাৰ্য এটা সামগ্ৰী হৈছে টয়লেট৷ অন্ন-বস্ত্ৰ-বাসস্থানৰ লগতে সকলোৰে ঘৰত টয়লেট এটা থকাটো জৰুৰী৷ সময়ত গতিত দেশী টয়লেটৰ আদৰৰ বিপৰীতে ইংলিছ টয়লেটে প্ৰাধান্য লাভ কৰিছে৷ আজিকালি অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত কোমড বা টয়লেট ব্যৱহাৰ কৰিবলৈ আহুকালৰ সন্মুখীন হোৱা দেখা যায়৷ এইধৰণৰ আধুনিকতাৰ পৰশ পোৱা টয়লেট ব্যৱহাৰ কৰাত অসুবিধা নোহোৱাও নহয়৷ সি যি নহওক, আপোনাৰ ঘৰত  ব্যৱহাৰ কৰা কোমডটো ব্যৱহাৰৰ সঠিক নিয়ম জনাটো খুবেই প্ৰয়োজন৷ ব্যৱহাৰ নাজানিলে কেতিয়াবা যথেষ্ট সমস্যা সন্মুখীন হ’ব লাগিব পাৰে৷ সেয়ে জানো আহক কোমডটো কিদৰে ব্যৱহাৰ কৰিব৷ কোমড ব্যৱহাৰ কৰাৰ সময়ত আপুনি চকীত বহাৰ দৰে বহিব৷ কেতিয়াও কোমডৰ ওপৰত নুঠিব৷ কিয়নো কোমডৰ ওপৰত উঠিলে হঠাতে কেতিয়া ভাঙি বিপদ হ’ব পাৰে, তলকিবই নোৱাৰিব৷
কোমড ব্যৱহাৰৰ সময়ত কোমডৰ ঠিক ওপৰৰ অংশত দেখিব এটা বাটন বা ফ্লাক্স আছে৷ কোমড ব্যৱহাৰ হোৱাৰ পাছত ফ্লাক্স মাৰিবলৈ একেবাৰে নাপাহৰিব৷
কমোড ব্যৱহাৰ সময়ত ছীট ৰিং ক’ভাৰ উঠাই ৰাখিভলৈ ভুলতো নাপাহৰিব৷ যদি ছীট ৰিং ক’ভাল তিতা থাকে, তেন্তে টিছু পেপাৰেৰে মচি দিব৷
বহু ইংলিছ টয়লেটত হেণ্ড ছাওৱাৰ ব্যৱহাৰ কৰা হয়৷ অৱশ্যে আপুনি সেইটো ব্যৱহাৰ কৰিবলৈ নাপাহৰিব৷ হেণ্ড ছাওৱাৰৰ ব্যৱস্থা নাথাকিলে কিন্তু কল ব্যৱহাৰ কৰিলেও হয়৷
সকলো কৰ্ম সম্পাদন হোৱাৰ পাছত শেষত কোমডৰ ছিদ্ৰযুক্ত ঢাকনিখন পৰিষ্কাৰ কৰি পাছত কোমডৰ ওপৰত ঢাকি ৰাখক৷ কাৰণ আপুনি ব্যৱহাৰ কৰাৰ পাছত পিছৰজনে যাতে স্বাচ্ছন্দ্যভাৱে টয়লেট ব্যৱহাৰ কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here