ৰাজ্যত প্ৰথমবাৰৰ বাবে হাস্পতালমেনেজমেণ্ট ইনফৰ্মেশ্যন ছিষ্টেম

0
177

ৰাজ্যৰ ৯খন চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰতে প্ৰথমবাৰৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ে আৰম্ভ কৰিছে হাস্পতাল মেনেজমেণ্ট ইনফৰ্মেশ্যন ছিষ্টেম৷ এই কম্পিউটাৰেজ ব্যৱস্থাৰ যোগেদি চিকিৎসালয়খনৰ সকলো ৰোগীৰ সকলো ধৰণৰ কাম এই ছিষ্টেমৰ যোগেদি সমাপন হ’ব৷ যাৰ ফলত ৰোগীয়ে চিকিৎসা সেৱা লাভ কৰাত সুবিধা হ’ব৷ জে এম চি এইচত হাস্পতাল মেনেজমেণ্ট ইনফৰ্মেশ্যন ছিষ্টেমৰ শুভ উদ্বোধন কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে৷ এই উপলক্ষে চিকিৎসা মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰিয়ালৰ সকলোৱ ধন্যবাদৰ পাত্ৰ৷ কিয়নো তেওঁলোকে নিজে মেনেজমেণ্ট ছিষ্টেমৰ উদ্ভাৱন কৰিছে৷ যাৰ জৰিয়তে ৰোগীসকলৰ ৰেজিষ্ট্ৰেশ্যন পূৰ্বে মেনুৱেলী কৰা কামৰ বিপৰীতে ডিজিটেল ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে৷ এতিয়া চিকিৎসাৰ ক্ষেত্ৰত সকলো কাম খৰতকীয়াকৈ কৰিব পাৰিব৷ ৰোগীগৰাকীয়ে চিকিৎসা সেৱাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সুবিধা লাভ কৰিব৷ 
অসমৰ ভিতৰতে প্ৰথম এই ছিষ্টেমটো সম্পূৰ্ণৰূপে ডিজিটাইজ কৰিছে৷ চিকিৎসা মহাবিদ্যালয়ে নিজাববীয়াকৈ নিজৰ ফাণ্ড আৰু নুমলীগড় শোধনাগাৰৰ অৰ্থ সাহায্যত এই ছিষ্টেমটো লৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে৷ এই ব্যৱস্থাটোৰ সম্পৰ্কে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ ৰত্নকান্ত তালুকদাৰে সংবাদ মাধ্যমক কয় যে হাস্পতালৰ সকলো ৰোগীৰ সকলো কাম ইয়াৰ দ্বাৰা সমাপন হ’ব৷ অক্টোবৰ মাহৰ পৰা আৰম্ভ হোৱা হাস্পতাল মেনেজমেণ্ট ইনফৰ্মেশ্যন ছিষ্টেমটোৰ প্ৰায় ৫০ শতাংশ ইনষ্টলেশ্যনৰ কাম হৈছে৷ অধ্যক্ষগৰাকীয়ে কয় যে এই ব্যৱস্থাৰ যোগেদি ৰোগীৰ এবাৰ পঞ্জীয়ন কৰিলে ইয়াৰ পাছতো চিকিৎসাৰ সম্পক¹য় কথাবোৰ জানিব পৰা যাব৷ বিভিন্ন বিভাগসমূহত পূৰ্বৰ দৰে পঞ্জীয়ন কৰিব নালাগে৷ ইয়াৰ জৰিয়তে চিকিৎসালয়খনৰ আই চি ইউৰ ভিতৰত বিছনা কিমান আছে, ব্লাড বেংকত কিমান তেজ আছে, দৈনিক কিমান ৰোগী আহিছে আদি সমুদায় তথ্য ইয়াৰ যোগেদি ওলাই থাকিব৷ উল্লেখ্য যে উদ্বোধন হোৱা চিকিৎসালয়ৰ মেনেজমেণ্টৰ ছিষ্টেমটোত মুঠ ৬৪ লাখ টকা ব্যয় হৈছে৷ ইয়াৰে ৩০ লাখ টকা নুমলীগড় শোধনাগাৰ ব্যয় কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here