লাৰ্নিং মডেল উদ্ভাৱন : হৃদৰোগৰ সম্ভাৱনাৰ ১০ বছৰৰ আগতে ভৱিষ্যদ্বাণী কৰিব

0
110

সমগ্ৰ পৃথিৱীত মানুহৰ মৃত্যুৰ প্ৰধান কাৰণ হৃদৰোগ৷ বিশ্ব স্বাস্থ্য সংগঠনৰ মতে, প্ৰতিবছৰে কাৰ্ডিঅ’ভাস্কুলাৰ ডিজিজত [চি ভি ডি] ১.৭৯ কোটি লোকৰ মৃত্যু হয়৷ হৃদৰোগৰ ভয়ানক পৰিণামে গৱেষকসকলক হৃদৰোগৰ নিৰাময় আৰু প্ৰতিৰোধ আৰু প্ৰধান কাৰকবোৰৰ [ৰিস্ক্‌ ফেক্টৰ্ছ] বিষয়ে গৱেষণা কৰিবলৈ আৰু উপায় উলিয়াবলৈ অনুপ্ৰাণিত কৰিছে৷ এতিয়া গৱেষকসকলে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ [এ আই] সহায়ক মাত্ৰ এখন এক্স-ৰে ব্যৱহাৰ কৰিয়েই ভৱিষ্যতে হৃদৰোগ হোৱাৰ সম্ভাৱনা থকা বা নথকা নিৰূপণ কৰিবলৈ সক্ষম হৈছে৷ গৱেষকসকলে এনেকুৱা এটা লাৰ্নিং মডেল উদ্ভাৱন কৰিছে, যিটোৱে পৰৱৰ্তী ১০ বছৰত এজন লোকৰ হৃদৰোগ বা ষ্ট্ৰ’কত মৃত্যুৰ সম্ভাৱনাৰ ভৱিষ্যদ্বাণী কৰিব পাৰে৷ অৰ্থাৎ পৰৱৰ্তী ১০ বছৰত হৃদৰোগ বা ষ্ট্ৰ’কৰ সম্ভাৱনা আছে নেকি সেইটো নিৰ্ণয় কৰিব পাৰে৷ এই প্ৰযুক্তিক চি এক্স আৰ-চি ভি ডি ৰিস্ক্‌ বুলি জনা যায়৷ আমেৰিকাৰ নেশ্যনেল কেঞ্চাৰ ইনষ্টিটিউটে আৰ্হি প্ৰস্তুত কৰা এটা বিশেষ পৰীক্ষাত এই ব্যৱস্থা প্ৰয়োগ কৰি চোৱা হৈছে৷ প্ৰায় ১১,৪৩০জন বহিঃ ৰোগীৰ বুকুৰ এক্স-ৰেও তেওঁলোকে পৰীক্ষা কৰে৷ তাৰ পাছত হাৰ্ট এটেকৰ আশংকা থকা ১,০৯৬জন ৰোগীক প্ৰতিৰোধমূলক চিকিৎসাৰ [ষ্টেটিন থেৰাপি] দিহা দিয়ে৷ মাছাচুছেট্‌ছ আৰু বষ্টনৰ দুখন চিকিৎসালয়তো চি এক্স আৰ-চি ভি ডি ৰিস্ক্‌ ডীপ লাৰ্নিং মডেল পৰীক্ষা কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here