ক’ত হ’ব ২৪ মেগাৱাটউৎপাদনক্ষম নতুন হাইড্ৰ প্ৰকল্প

0
328

পশ্চিম কাৰ্বি আংলং জিলাৰ বৰাপানী নৈত এটা ২৪ মেগাৱাট উৎপাদনক্ষম নতুন হাইড্ৰ’ প্ৰকল্প নিৰ্মাণৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু অসম পাৱাৰ জেনেৰেশ্যন কৰ্প’ৰেশ্যন লিমিটেডৰ [এ পি জি চি এল] মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰ হৈ যায়৷ ডিফুৰ আৰব’ৰেটাম কাম ক্ৰাফ্‌ট চেণ্টাৰত এই উপলক্ষে হোৱা চুক্তি স্বাক্ষৰ কাৰ্যসূচীত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু বহুকেইগৰাকী কাৰ্যবাহী সদস্য তথা এম এ চি৷ এ পি জি চি এলৰ মুখ্য প্ৰবন্ধক কানু কমল ভূঞা আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব মুকুল কুমাৰ শইকীয়াই এই চুক্তিত স্বাক্ষৰ কৰে৷ পৰিষদৰ মুখ্য সচিব শইকীয়াই চুক্তি সন্দৰ্ভত কয় যে বৰাপানী নৈৰ মাজত স্থাপিত হ’বলগীয়া এই প্ৰকল্পটো কাৰ্বি লাংপি মিডল-২ নামেৰে পৰিচিত হ’ব৷ 
দুয়োখন পাৰ্বত্য জিলা এই প্ৰকল্পৰ জৰিয়তে উপকৃত হ’ব৷ এই বুজাবুজি চুক্তি ৩৫ বছৰলৈ থাকিব আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে ২২.প্ত হেক্টৰ ভূমি এ পি জি চি এলক আন্তঃগাঁথনি নিৰ্মাণৰ বাবে প্ৰদান কৰিব৷ এই প্ৰকল্পৰ বাবে ৩০০ কোটি টকা ধাৰ্য কৰা হৈছে৷ এই প্ৰকল্পৰ জৰিয়তে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বহু পদ মুকলি হ’ব৷ ইয়াৰ উপৰি এই প্ৰকল্পৰ বাবে ক্ষতিগ্ৰস্ত হোৱা ১৭১টা পৰিয়ালক পাঁচ বছৰৰ বাবে বিনামূলীয়াকৈ বিদ্যুৎ যোগান ধৰাৰ লগতে ক্ষতিপূৰণৰ নামত ৩৪.০৯ কোটি টকা প্ৰদান কৰা হ’ব৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে এই প্ৰকল্পৰ জৰিয়তে ৬ শতাংশ ৰাজহ প্ৰতি বছৰে এ পি জি চি এলৰ পৰা লাভ কৰিব৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মীন, পৰ্যটন আদি বিভাগ এই প্ৰকল্পৰ জৰিয়তে বিশেষ লাভৱান হ’ব বুলিও শইকীয়াই প্ৰকাশ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here