ৰাজ্যত ক’ভিডৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ

0
396

প্ৰায় এটা বছৰৰ পাছত ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত পুনৰ স্বাভাৱিক জীৱন-যাত্ৰা আৰম্ভ হয়৷ ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে বিগত এটা বছৰে বিভিন্ন বাধ্যবাধকতাৰ মাজেৰে জীৱন অতিবাহিত কৰিবলগীয়া হোৱা ৰাজ্যবাসীয়ে ১৫ ফেব্ৰুৱাৰীৰ পৰা পুনৰ স্বাভাৱিক জীৱন আৰম্ভ কৰে৷ চলিত মাহত ৰাজ্যৰ ক’ভিড পৰিস্থিতি পুনৰ স্বাভাৱিক হ’বলৈ আৰম্ভ কৰাৰ বাবে চৰকাৰে ১৫ ফেব্ৰুৱাৰীৰ পৰা ক’ভিডৰ বাবে জাৰি কৰা সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত ক’ভিডৰ কোনো নিষেধাজ্ঞা নাথাকিব বুলি ঘোষণা কৰে৷ অৱশ্যে জনসাধাৰণে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হোৱাৰ উপৰি লগত ছেনিটাইজাৰ ৰাখিব লাগিব আৰু দুয়োপালি ক’ভিড ভেক্‌চিন গ্ৰহণ কৰাৰ ক্ষেত্ৰত নিৰ্ধাৰিত নীতি-নিয়ম মানি চলিব লাগিব৷ ৰাজহুৱা স্থানত সকলোৰে বাবে মাস্ক আৰু দুয়োপালি ভেক্‌চিনৰ প্ৰমাণপত্ৰ বাধ্যতামূলক হৈয়ে থাকিব৷ ৰাজহুৱা পৰিবহণ ব্যৱস্থাতো যাত্ৰীৰ ক’ভিড পৰীক্ষা প্ৰত্যাহাৰ কৰা হৈছে৷ একেদৰে চিকিৎসালয়লৈ চিকিৎসা বা স্বাস্থ্য পৰীক্ষা কৰিবলৈ যোৱা ৰোগীসকলৰ ক্ষেত্ৰতো বাধ্যতামূলক হৈ থকা ক’ভিড পৰীক্ষা প্ৰত্যাহাৰ কৰা হৈছে৷ অৱশ্যে ইয়াতো লক্ষণ থকা ৰোগীসকলে চিকিৎসাজনিত কাৰণত স্বেচ্ছাই ক’ভিড পৰীক্ষা কৰোৱাবলৈ আহবান জনোৱা হৈছে৷ ক’ভিডৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ পাছত ৰাজ্যত নৈশ সান্ধ্য আইনো নাথাকিব৷ ব্যৱসায়ীসকলে নিজৰ ইচ্ছামতে ব্যাৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিব পাৰিব৷ ইয়াৰ মাজতে কিছুসংখ্যক প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ সময়তে চৰকাৰ বা প্ৰশাসনে সময় নিৰ্ধাৰণ কৰি দিয়ে৷ তেনে প্ৰতিষ্ঠানে নিৰ্ধাৰিত সময়মতে প্ৰতিষ্ঠান বন্ধ কৰিব লাগিব৷ ১৫ ফেব্ৰুৱাৰীৰ পৰা শিক্ষানুষ্ঠানসমূহে সকলো শ্ৰেণীৰ অফলাইন পাঠদান আৰম্ভ কৰিবলৈও নিৰ্দেশনা দিয়া হৈছে৷ আনহাতে ৰাজ্যত চিনেমা হল, থিয়েটাৰ আদিও সম্পূৰ্ণ দৰ্শকেৰে খুলিলে৷ একেদৰে ৰাজহুৱা-সামাজিক অনুষ্ঠান আদিতো নাথাকে কোনো বাধ্যবাধকতা৷ বিবাহ, অভ্যৰ্থনা, অন্ত্যেষ্টিক্ৰিয়া আদিৰ উপৰি জিম, ছুইমিং পুল আদিতো ক’ভিডৰ কোনো বাধ্যবাধকতা নাই৷ সাপ্তাহিক বা দৈনিক বজাৰো নিয়মীয়াকৈ হয়৷ একেদৰে চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ো কোনে বাধা অবিহনে খোল খালে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here