বগা নহৰুৰ পৰা ক’লা নহৰু উৎপাদন!

0
339

অসমবাসীৰ বাবে এক নিতান্তই ইতিবাচক দিশ হ’ল বিভিন্ন ক্ষেত্ৰত ভালেমান থলুৱা ষ্টাৰ্টআপ উদ্যোগ গঢ় লৈ উঠাৰ সমান্তৰালভাৱে এই থলুৱা ব্যৱসায়ে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সমাদৰ লাভ কৰিছে৷ ইয়াৰ মাজতে অসমৰে এজন থলুৱা উদ্যোগীৰ  প্ৰচেষ্টাত অসমৰ পৰাই দেশৰ আন ঠাইলৈ পোন প্ৰথমবাৰৰ বাবে ক’লা নহৰুৰ (Black Garlic) ৰপ্তানি আৰম্ভ হৈছে৷ শেহতীয়াভাৱে অসম চৰকাৰৰ ষ্টাৰ্টআপ প্ৰকল্পৰ অংশ হিচাপে সজীৱ বগা নহৰুৰ পৰা বহু গুণসমৃদ্ধ ক’লা নহৰু প্ৰস্তুত কৰি উলিয়াইছে গুৱাহাটীৰ থলুৱা প্ৰতিষ্ঠান প্ৰাইভেট লিমিটেড নামৰ সংস্থাটোৰ প্ৰতিষ্ঠাপক ত্ৰৈলোক্য দত্তই৷ তেওঁ সম্পূৰ্ণ থলুৱা পদ্ধতি তথা প্ৰক্ৰিয়াৰে মূল বগা নহৰুৰ পৰাই ইয়াৰ জৈৱিক গুণাগুণ তথা স্বাস্থ্যদায়ক এনজাইমসমূহ বৰ্তাই ৰাখি এই ক’লা নহৰু উৎপাদন কৰি উলিয়াইছে৷ এছিয়াৰ বহুকেইখন দেশত ক’লা নহৰুক ঔষধি আৰু এণ্টিঅক্সিডেণ্ট সমৃদ্ধ ছপাৰফুড হিচাপে ব্যৱহাৰ কৰে৷ উল্লেখ্য যে সতেজ বগা নহৰুসমূহক এক নিৰ্দিষ্ট তাপমাত্ৰা আৰু আদ্ৰৰ্তাৰ মাজত (৮০%-৯০%)আদ্ৰৰ্তা নিয়ন্ত্ৰিত পৰিৱেশ আৰু ৬০০-৯০০ চেলচিয়াছ উষ্ণতাত] কোনো ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ এক বিশেষ প্ৰক্ৰিয়াৰে ১০-৪০ দিনলৈ ৰাখি এই ক’লা নহৰু প্ৰস্তুত কৰা হয়৷  ক’লা নহৰুৰ গুণাগুণ প্ৰসংগত ত্ৰৈলোক্য দত্তই কয় যে ই সতেজ বগা নহৰুতকৈ অধিক এণ্টিঅক্সিডেণ্ট, অধিক পানী দ্ৰৱণীয় আঁহ আৰু প্ৰটিনযুক্ত, খোৱাৰ পাছত নহৰুৰ দৰে বেয়া নোগোন্ধায়, ৰোগ প্ৰতিৰোধী গুণৰ লগতে জিংক, পটাছিয়াম, মেগনেছিয়াম, লো, মেংগানিজ, ফচফৰাছ, চেলেনিয়াম আদি গুণাগুণ যুক্ত, বহুমূত্ৰ আৰু উচ্চ ৰক্তচাপযুক্ত ৰোগীৰ বাবে ই অতি উপযুক্ত হোৱাৰ লগতে ইয়াক যেতিয়াই-তেতিয়াই মুখৰোচক হিচাপে খাব পাৰি৷ তেওঁ লগতে পৰৱৰ্তী পৰ্যায়ত এই ক’লা নহৰুৰ উপাদানৰ পৰা চিপছ, মুখ সুগন্ধিকাৰক, চচ, চকলেট, পিউৰি, মেয়নিজ, আচাৰ আদি উপকৰণ প্ৰস্তুত কৰাৰ আঁচনি গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে৷ আনহাতে সমগ্ৰ ষ্টাৰ্টআপ প্ৰক্ৰিয়াটোৰ বাবে প্ৰয়োজনীয় কেঁচামাল হিচাপে বিবেচিত নহৰু উৎপাদন ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ খেতিয়কসকলক নহৰু উৎপাদনৰ বাবে উৎসাহিত কৰি অহাৰ উপৰি হাৰিয়ানাৰ এক বিস্তৰ কৃষিভূমিত নহৰু খেতিৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি দত্তই জানিবলৈ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here