ৰবৰৰ শ্বিটেৰে তৈয়াৰী গাঁতত পেলোৱা হ’ব মহানগৰীৰ জাবৰ || City’s garbage to be dumped in pits made of rubber sheets

0
728
বিগত কেইদিনমান ধৰি গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ জাবৰ নিষ্কাশনৰ বাবে বিভিন্ন পন্থা অৱলম্বন কৰা পৰিলক্ষিত হৈছে৷ এইবাৰ GMD-য়ে ডাম্পিং গ্ৰাউণ্ডৰ বাবে আন এক পদ্ধতি হাতত লৈছে৷ এতিয়া আৰু মাটিত জাবৰ পেলোৱা নহয়৷ মাটিৰ পৰিৱৰ্তে ৰবৰৰ শ্বিটেৰে তৈয়াৰী গাঁত বা পুখুৰীত গুৱাহাটীৰ জাবৰ পেলোৱা হ’ব৷ সেই অনুসৰি জাবৰ কঢ়িওৱা বাহনৰ জাবৰ লগে লগে মাটিত পেলোৱা নহয়৷ এই জাবৰসমূহ ৰবৰৰ শ্বিটেৰে তৈয়াৰী পুখুৰী আকৃতিৰ গাঁতত পেলোৱা হ’ব৷ ইতিমধ্যে এই সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শৰ্মাই স্পষ্ট কৰি দিছে৷ ইয়াৰ বাবে পৌৰ নিগমে পামহীৰ সমীপৱৰ্তী বেলৰতলত বিজ্ঞানসন্মত পদ্ধতিৰে ডাম্পিং গ্ৰাউণ্ডৰ জাবৰ পেলোৱাৰ ব্যৱস্থা কৰিছে৷ আনহাতে জাবৰ বা আৱৰ্জনাৰ পৰা ওলোৱা পানীয়ে যাতে ওচৰৰ ডোং, নদী বা ভূগৰ্ভ প্ৰদূষিত কৰিব নোৱাৰে তাৰ বাবে জাবৰৰ পৰা ওলোৱা প্ৰদূষিত পানী STP পদ্ধতি ব্যৱহাৰ কৰি নিষ্কাশন কৰা হ’ব বুলিও তেওঁ লগতে উল্লেখ কৰে৷ ইয়াৰ বাবে গুৱাহাটীবাসী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে পৌৰ আয়ুক্তই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here