দুষ্প্ৰাপ্য ইষ্টাৰ্ন গ্ৰাছ আউল উদ্ধাৰ :ক’ত? Endangered Eastern Grass Owl found: where?

0
1419
জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ উজনি অসমৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী তিনিচুকীয়া জিলাৰ তালাপ অঞ্চলৰ লাইনা গাঁৱত এক দুষ্প্ৰাপ্য পক্ষীয়ে অৱস্থান কৰাত প্ৰকৃতিপ্ৰেমীৰ বাবে গাঁওখন বিখ্যাত হৈ পৰা পৰিলক্ষিত হৈছে৷ চলিত বৰ্ষতে জিলাখনৰ বিভিন্ন স্থানত মেণ্ডাৰিক, দিনকণা, দেওকৰ্চনৰ দৰে অতি দুষ্প্ৰাপ্য পক্ষী উদ্ধাৰ হোৱাৰ পাছত এইবাৰ লাইনা গাঁৱত ইষ্টাৰ্ন গ্ৰাছ আউল (Eastern grass owl) উদ্ধাৰ হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ তিনিচুকীয়া জিলাৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি-কাষৰীয়া তালাপ অঞ্চলৰ লাইনা গাঁৱত দেখা যায় দুষ্প্ৰাপ্য তথা অতি বিৰল প্ৰজাতিৰ ইষ্টাৰ্ন গ্ৰাছ আউল (বৈজ্ঞানিক নাম Tyto longimembris, যাক চাইনিজ গ্ৰাছ আউল বা অষ্ট্ৰেলিয়ান গ্ৰাছ আউল নামেৰেও জনা যায়)৷ গাঁওখনৰ কাষেদি প্ৰৱাহিত ডাঙৰী নৈখন  মহাবাহু ব্ৰহ্মপুত্ৰৰ সৈতে মিলিত হোৱা স্থানত থকা বৃহৎ ঘাঁহনি এলেকাত চাৰিটা পোৱালিৰ সৈতে এই পক্ষীৰ এটা পৰিয়াল উদ্ধাৰ হয়৷  দেখাত প্ৰায় লক্ষী ফেঁচাৰ দৰেই যদিও বৰণ, আচৰণ আৰু বৈশিষ্ট্যত পাৰ্থক্য থকা এইবিধ পক্ষীৰ স্ত্ৰী পক্ষীয়ে কণী পাৰে যদিও পোৱালি জগাবৰ বাবে উমনি নলয়৷ মতাটোৱে উমনিত বহি পোৱালি জগোৱাটো ইষ্টাৰ্ন গ্ৰাছ আউলৰ প্ৰধান বৈশিষ্ট্য৷ সাধাৰণতে অতি ঘন উলূৱনিৰ নিৰ্জন এলেকাত বাহ সাজি এইবিধ চৰায়ে পোৱালি জগোৱা তথা তুলি-তালি উৰিব পৰা কৰে৷ প্ৰধানকৈ এছিয়াৰ প্ৰাচ্য, দাক্ষিণাত্য আৰু  দক্ষিণ-পূবৰ দেশসমূহৰ বিশেষকৈ ফিলিপাইন, ইণ্ডোনেছিয়া, চীন, ম্যানমাৰ, টাইৱান, লাওচ, কম্বোদিয়া, ভাৰত আৰু অষ্ট্ৰেলিয়া আদিত দেখা যায় যদিও ভাৰত তথা উত্তৰ-পূব ভাৰতৰ এই চৰাইবিধ স্থানীয় পক্ষী যদিও এইবিধ চৰাই অসমত ইয়াৰ পূৰ্বে কোনেও জীৱিত অৱস্থাত দেখা পোৱাৰ তথ্য নাই৷ অসমৰ এই লাইনা গাঁৱতেই ইয়াক প্ৰথমবাৰৰ বাবে দেখা বুলি বহু প্ৰকৃতি প্ৰেমীয়ে দাবী কৰে৷ জানিব পৰা মতে, ভাৰতৰ অন্য ৰাজ্যৰ ভিতৰত কেৱল মণিপুৰতহে এই চৰাইবিধ দেখিবলৈ পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here