ৰক্তচাপ (Blood Pressure)

0
653

ডাঃ দুলুমণি কলিতা
8638749494

ৰক্তচাপ বুলিলে আমাৰ দেহত অহৰহ চলি থকা হৃদযন্ত্ৰৰ স্পন্দনৰ ফলত তাৰ পৰা নিৰ্গত ৰক্তই ৰক্তবাহিনীৰ বেৰত সৃষ্টি হোৱা চাপকে বুজায়। এই ৰক্তচাপ জীৱদেহত চলি থকা এটা অতি জৰুৰী আৰু স্বাভাৱিক ক্ৰিয়া। জীৱৰ প্ৰতিটো কোষ-কোষাংগলৈ ৰক্তৰ দ্বাৰা পোষক দ্ৰব্য ((nutritions) প্ৰেৰিত হয়,এই ৰক্ত পৰিবহণ নিয়ন্ত্ৰণ কৰিবলৈ এটা নিৰ্দিষ্ট মাত্ৰাত আমাৰ দেহৰ ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থাকিব লাগে। আমাৰ শৰীৰত হৃদযন্ত্ৰই এটা পাম্পৰ দৰে কাম কৰে,ই জন্মৰ পৰা মৃত্যুলৈ অনবৰতে সংকোচন আৰু সম্প্ৰসাৰণ হৈ থাকে। এজন প্ৰাপ্তবয়স্ক ব্যাক্তিৰ হৃদস্পন্দনৰ প্ৰতিমিনিটত প্ৰায় ৬০-১০০ হ’ব পাৰে, ইয়াক হাৰ্টবিট বুলি কোৱা হয়। হৃদযন্ত্ৰৰ সংকোচনৰ সময়ৰ খুব জোৰেৰে ৰক্ত হৃদযন্ত্ৰৰ পৰা মহাধমনীলৈ ঠেলি দিয়ে। তেতিয়া বাওঁ‌ অলিন্দৰ পৰা অহা ৰক্তৰ চাপত মিট্ৰেল ভালভখন খোল খাই মহাধমনীলৈ তেজে গতি কৰে, সেই সময়ত তেজে ধমনীৰ বেৰত যি চাপ প্ৰয়োগ কৰে তাক systolic pressure বোলে।ইয়াৰ সাধাৰণ মাত্ৰা ১৪০-১০০ mmhgৰ ভিতৰত থাকে। ভালভেৰে ৰক্ত নিৰ্গত হোৱাৰ লগে লগে কিছু ছেকেণ্ডৰ বাবে হৃদযন্ত্ৰত ৰক্তৰ চাপ কমি যায় তেতিয়া মিট্ৰেল ভালভখন বন্ধ হৈ যায় আৰু হৃদযন্ত্ৰৰ সম্প্ৰসাৰণ হয়। এই সময়ত ধমনীত প্ৰবাহিত ৰক্তত ধমনীৰ বেৰত দিয়া চাপ আগৰ তুলনাত কম হয়, আৰু এই চাপকেই diastolic pressure বুলি কোৱা হয়।ইয়াৰ সাধাৰণ মাত্ৰা ৮০-৬০ mmhg ৰ ভিতৰত থাকে। এই চাপৰ সহয়ত তেজত থকা পোষক দ্ৰব্যসমূহ শৰীৰৰ বিভিন্ন অংশলৈ প্ৰেৰিত হয়। এনেকৈয়ে আমাৰ দেহৰ ৰক্তচাপ ৰক্তৰ পৰিমাণ, তাৰ গাঢ়তা, ধমনীৰ আকাৰ-আকৃতি আৰু elasticity ৰ ওপৰত নিৰ্ভৰ কৰে। লগতে এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো মগজুৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। এই ৰক্তচাপ অৰ্থাৎ blood pressure আমাৰ সচৰাচৰ মানুহবোৰে কোৱাৰ দৰে কোনো ৰোগ নহয়, ই শৰীৰৰ এটা অতি প্ৰয়োজনীয় ক্ৰিয়া।

উচ্চ ৰক্তচাপ (hypertension) কেনেকৈ ৰক্তচাপ (blood pressure)ৰ পৰা পৃথক?

ৰক্তচাপ জীৱদেহৰ এটা স্বাভাৱিক ক্ৰিয়া তাৰ বিপৰীতে উচ্চ ৰক্তচাপ হ’ল এক ৰোগাত্মক অৱস্থা। কিছুমান শাৰীৰিক আৰু মানসিক কাৰণবশতঃ শৰীৰৰ স্বাভাৱিক ৰক্তচাপৰ তাৰতম্য ঘটি শাৰীৰিক স্বাস্থ্যৰ সামাঞ্জতাৰ বিকৃতি ঘটাব পাৰে। বিশেষকৈ কেতিয়াবা ৰক্তচাপ স্বাভাৱিক অৱস্থাৰ পৰা বৃদ্ধি হৈ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগসমূহ অৰ্থাৎ হৃদযন্ত্ৰ, মগজু, বৃক্ক আদিৰ যথেষ্ট ক্ষতি সাধন কৰিব পাৰে। ৰক্তচাপ যেতিয়া তাৰ স্বাভাৱিক অৱস্থাৰ পৰা বৃদ্ধি হৈ শৰীৰিক স্বাস্থ্যত ব্যাঘাত জন্মাই তেতিয়া সেই ৰক্তচাপক উচ্চ ৰক্তচাপ বোলে। বৰ্তমান সময়ত ই এটা অতি গুৰুত্বপূৰ্ণ স্বাস্থ্য বিষয়ক সমস্যা। বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষা অনুসাৰি ২০১৩ চনলৈ পৃথিৱীৰ সৰ্বমুঠ জনসংখ্যাৰ প্ৰায় ২৬% লোকেই উচ্চ ৰক্তচাপত ভুগি আছে আৰু এনেকৈয়ে বাঢ়ি থাকিলে এই সংখ্যা ২০২৫ চনলৈ ২৯% লৈ বৃদ্ধি হ’ব বুলি অনুমান কৰা হৈছে।

উচ্চ ৰক্তচাপ অৰ্থাৎ hypertension ৰ বৰ্গীকৰণ :

২০১৭ চনত নিৰ্ধাৰিত ACC (American College of Cardiology) আৰু AHA( American Heart Association)ৰ তথ্য অনুসাৰে উচ্চ ৰক্তচাপক তলত দিয়া ধৰণে বৰ্গীকৰণ কৰা হয়–
১) সামান্য ৰক্তচাপ ( normal blood pressure)= systolic pressure ১২০ mmhg ত কৈ কম আৰু diastolic pressure ৮০ mmhg ত কৈ কম।
২) উচ্চ ৰক্তচাপৰ পূৰ্ব অৱস্থা( pre hypertention)=
systolic pressure= 120-129 mmhg আৰু daistolic pressure 80 mmhg কৈ কম।
৩) উচ্চ ৰক্তচাপ গ্ৰেড ১= systolic pressure=১৩০-১৩৯ mmhg আৰু
diastolic pressure= ৮০-৮৯mmhg
৪) উচ্চ ৰক্তচাপ গ্ৰেড ২= systolic pressure=১৪০-১৫৯ mmhgআৰু diastolic pressure= ৯০-৯৯mmhg
৫) উচ্চ ৰক্তচাপ গ্ৰেড ৩= systolic pressure ১৬০ mmhg কৈ বেছি আৰু diastolic pressure=১০০ mmhg কৈ বেছি।
৬) উচ্চ ৰক্তচাপৰ জৰুৰীকালীন অৱস্থা- যেতিয়া systolic pressure ১৮০ mmhg কৈ বেছি হয় আৰু diastolic pressure ১২০ mmhg কৈ বেছি হয় , তেনে ক্ষেত্ৰত অতি সোনকালে চিকিৎসালয়ত লৈ যাব লাগে, তেনে নকৰিলে ই প্ৰাণনাশক হৈ পৰিব পাৰে। এই অৱস্থাটোক hypertensive emergency বোলা হয়।
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা কি?

উচ্চ ৰক্তচাপ দেখাত তেনেই সাধাৰণ আৰু বেছিভাগ মানুহৰ ক্ষেত্ৰতে দেখা দিয়া এটা ব্যাধি যদিও তাৰ গুৰুত্ব অতি বেছি। সৰহসংখ্যক ব্যক্তিৰে জীৱনত এবাৰলৈ উচ্চ ৰক্ত চাপত ভোগীলে গোটেই জীৱনজুৰি দৰব খাব লগা হয়। তাৰ বহুতো পাৰ্শ্বক্ৰিয়াও দেখা যায়। ইয়াৰ উপৰিও যদি কোনো এজন ব্যাক্তিয়ে বহু সময় ধৰি উচ্চ ৰক্তচাপত ভুগি থাকে তেতিয়া ইয়াৰ পৰা শৰীৰৰ আটাইতকৈ দৰকাৰী অংগ অৰ্থাৎ হৃদযন্ত্ৰ, মগজু, বৃক্ক আৰু চকু আদিৰ যথেষ্ট ক্ষতি সাধন কৰে। দীৰ্ঘদিনীয়া উচ্চ ৰক্তচাপৰ ফলত শৰীৰত অতি জটিল আৰু মাৰাত্মক ৰোগ উৎপন্ন কৰিব পাৰে অৰ্থাৎ হৃদযন্ত্ৰৰ বিভিন্ন সমস্যা যেনে Left ventricular hypertrophy, left ventricular failure, ischemic heart diseases, cardiovascularstroke আদি, মগজুৰ বেমাৰ যেনে peralysis, encephalopathy, cerebrovascular stroke আদি, বৃক্কৰ বেমাৰ যেনে-nephropathy, renal failure আদি আৰু চকুৰ বেমাৰ যেনে Retinopathy আদিৰ সৃষ্টি কৰিব পাৰে। সেয়েহে ৰক্তচাপ নিয়ন্ত্ৰিত ৰখাটো অতিকে প্ৰয়োজনীয়।

ৰক্তচাপ বৃদ্ধিত প্ৰভাৱ পেলোৱা কাৰকসমূহঃ

  • বয়স
    -মানসিক চাপ
    -নিদ্ৰাহীনতা
    -অত্যধিক লৱণযুক্ত খাদ্যাভ্যাস
    -অধিক চৰ্বিযুক্ত খাদ্যাভ্যাস
    -চাহ, কফি আদি কেফেইনযুক্ত খাদ্যৰ অধিক ব্যৱহাৰ
    -ওজন বৃদ্ধি
    -শাৰীৰিক পৰিশ্ৰমৰ অভাৱ
    -গৰ্ভাৱস্থা
    -মদ,চিগাৰেট আদিৰ দৰে নিচা জাতীয় দ্ৰব্যৰ সেৱন
  • বিভিন্ন বেমাৰৰ লক্ষণ ৰৰূপেও ৰক্তচাপ বৃদ্ধি হোৱা দেখা যায় ,যেনে- মধুমেহ বা ডায়েবেটিছ, হৃদযন্ত্ৰৰ বেমাৰ, বৃক্কৰ বেমাৰ, যকৃতৰ বিভিন্ন বেমাৰত ৰক্তচাপ বৃদ্ধি হোৱা দেখা যায়।
  • কিছু কাৰণবশতঃ খন্তেকীয়াভাৱে ৰক্তচাপ বৃদ্ধি পায় কিন্তু কিছু সময়ৰ পাছত ৰক্তচাপ আকৌ আগৰ অৱস্থালৈ আহে তেনে ক্ষেত্ৰত তাক উচ্চ ৰক্তচাপ বুলি কোৱা নহয়। তেনে কিছুমান- খাদ্য গ্ৰহণৰ পাছত, অধিক ব্যায়াম বা শ্ৰমৰ পাছত, খং, ভয়, উৎসাহ, কোষ্ঠকাঠিন্যতা আদি।
    উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ মুখ্য উদ্দেশ্য হ’ল- দীৰ্ঘদিনীয়া উচ্চ ৰক্তচাপৰ পৰা হ’ব পৰা অনিষ্টৰ পৰা হৃদযন্ত্ৰ, মগজু, বৃক্ক আদিকে ধৰি শৰীৰৰ আন অংগসমূহক ৰক্ষা কৰা। তাৰ বাবে কৰণীয়-
    ১) এজন সুস্থ ব্যাক্তিৰ বাবে systolic pressure ১৪০mmhg ত কৈ কম আৰু diastolic pressure ৯০mmhg ত কৈ কমত ৰাখি নিয়ন্ত্ৰণ কৰা।
    ২)আকৌ যদিহে ব্যাক্তিজনৰ ডায়েবেটিছ, মেদবহুলতা, হৃদযন্ত্ৰৰ ৰোগ নাইবা বৃক্ক আদিৰ ৰোগত ভুগি আছে, তেনে ক্ষেত্ৰত আমাৰ উদ্দেশ্য হৈছে systolic pressure ১৩০mmhg ত কৈ কম আৰু diastolic pressure ৮০ mmhg ত কৈ কমত ৰাখি নিয়ন্ত্ৰণ কৰা।

উচ্চ ৰক্তচাপৰ চিকিৎসা বিষয়ক কিছু কথা :
বিশ্ব স্বাস্থ্য সংস্থা (WHO) ই জীৱনশৈলীৰ পৰিবৰ্তন (lifestyle modification)ক উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ মুখ্য প্ৰতিষেধক হিচাপে গ্ৰহণ কৰিছে। অৰ্থাৎ ইয়াক নিয়ন্ত্ৰণৰ বাবে প্ৰধান কৰণীয় হৈছে জীৱনশৈলীৰ পৰিৱৰ্তন। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ দৰব ব্যৱহাৰ কৰিও উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰি, যাক আমি antihypertensive medicine হিচাপে জানো।

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত জীৱনশৈলীৰ পৰিৱৰ্তনৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ দিশ হ’ল–
১) ওজন কমোৱা- প্ৰতি ১০ কিলোগ্ৰাম ওজন কমিলে ৰক্তচাপ ৫ mmhg ৰ পৰা২০ mmhg পৰ্যন্ত হ্ৰাস হয়।
২) খাদ্যত মাছ, মাংস বা অত্যধিক চৰ্বিজাতীয় খাদ্যৰ সলনি সেউজীয়া শাক পাচলি,ফল-মূল, টেঙাজাতীয় ফল আদিৰ ব্যাৱহাৰ ফলত ৰক্তচাপ ৮ mmhg ৰ পৰা ১৪ mmhg পৰ্যন্ত হ্ৰাস হয়।
৩) খাদ্যত নিমখৰ পৰিমাণ হ্ৰাস আৰু পটেচিয়ামৰ পৰিমাণ বৃদ্ধি- ইয়াৰ ফলত ৰক্তচাপ ২ mmhg ৰ পৰা ৮ mmhg পৰ্যন্ত হ্ৰাস হয়।
৪) শাৰীৰিক শ্ৰম যেনে নিয়মীয়াভাৱে খোজকঢ়া, যোগাভ্যাসৰ অনুশীলন ৰ জৰিয়তেও ৰক্তচাপ ৪ mmhg ৰ পৰা ৯ mmhg পৰ্যন্ত কমাই ৰাখিব পাৰে।
৫) মদ, চিগাৰেট আদিৰ অভ্যাস ত্যাগ কৰা- ইয়াৰ ফলত ৰক্তচাপ ২ mmhg ৰ পৰা ৪ mmhg পৰ্যন্ত হ্ৰাস পায়।

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ হোৱা বনৌষধিঃ

  • তগৰ
    -অৰ্জুন
    -অশ্বগন্ধা
    -জটামাংচি
    -সৰ্পগন্ধা
    -নহৰু
    -পুষ্কৰমূল
    -সংখপুষ্পী
    -মানিমুনি
    -ব্ৰাহ্মি
    -ত্ৰিফলা
    -শিলিখা
  • গিলয়
  • তেঁ‌তেলি
  • পানিলাও
  • কল
  • পুৰ্ননবা শাক আদি

উচ্চ ৰক্তচাপ দেখাত তেনেই সামান্য ব্যাধি যেন দেখিলেও ইয়াক আৰম্ভণিৰ পৰাই গুৰুত্ব সহকাৰে নল’লে ইয়াৰ পৰিণতি অতি জটিল আৰু প্ৰাণনাশকো হ’ব পাৰে। উচ্চ ৰক্তচাপ এটা ৰোগ হ’লেও ইয়াৰ কাৰণ বিভিন্ন হ’ব পাৰে আৰু সেই অনুসৰি ভিন্ন কাৰণ আৰু ভিন্ন ব্যক্তিসাপেক্ষে ইয়াৰ চিকিৎসাও ভিন্ন হ’ব। যেনে মানসিক চাপজনিত , নিদ্ৰাহীনতাজনিত, ধমনীৰ চৰ্বি জমা হৈ তাৰ ব্ল’কৰ ফলত হোৱা উচ্চ ৰক্তচাপ। এই আটাইবোৰৰে কাৰণ আৰু চিকিৎসাৰ ভিন্নতা আছে। আমাৰ আয়ুৰ্বেদিক বিজ্ঞানত এই ৰোগৰ উপশমৰ ভিন্ন কাৰণ অনুসৰি ভিন্ন ফলপ্ৰসূ ঔষধিৰ ব্যৱহাৰ দিয়া আছে। অতীতৰে পৰা মানুহে তাৰ সুফল পায় আহিছে। ইয়াৰ ভিতৰত সৰ্পগন্ধা ঘন বটি, ব্ৰাহ্মি বটি, অশ্বগন্ধা চূৰ্ণ, পুষ্কৰ গুগ্গুলু, জটামাংচি টেবলেট, তগৰ টেবলেট আদি। ইয়াৰ বিষয়ে অধিক জানিবলৈ আৰু উচ্চ ৰক্তচাপৰ আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰিবলৈ অৰ্হতাসম্পন্ন আয়ুৰ্বেদিক লগ কৰিব পাৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here