সৰ্বাধিক বলাৎকাৰৰ গোচৰ থকা ৰাজ্যৰ ভিতৰত অসমৰ নাম

0
356

২০২০ আৰু ২১ চনত দেশত পঞ্জীয়ন হোৱা বলাৎকাৰৰ গোচৰৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত অসমো আছে৷ নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ চমুকৈ এন চি আৰ বি-এ প্ৰকাশ কৰা তথ্যৰ পৰা এই কথা জানিব পৰা গৈছে৷ অসমত ২০২০ চনত ১,৬৫৭ টা বলাৎকাৰৰ গোচৰ পঞ্জীয়ন হৈছিল৷ ২০২১ চনত বৃদ্ধি পায় ১,৭৩৩ টালৈ৷ দেশত সেই দুবছৰত বলাৎকাৰৰ গোচৰৰ সংখ্যা আটাইতকৈ বেছি ৰাজস্থানত৷ ৰাজস্থানত ২০২০ চন আৰু ২০২১ চনত বলাৎকাৰৰ গোচৰৰ সংখ্যা ক্ৰমে ৫,৩১০ আৰু ৬,৩৩৭ টা৷ দ্বিতীয় স্থানত আছে মধ্য প্ৰদেশ৷ ৰাজ্যখনত ২০২০ চনত ২,৩৩৯ টা আৰু  ২০২১ চনত বলাৎকাৰৰ গোচৰ ২,৯৪৭ টা৷ এন চি আৰ বিৰ মতে বলাৎকাৰ গোচৰৰ শীৰ্ষ পাঁচখন ৰাজ্য হৈছে ক্ৰমে ৰাজস্থান, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু অসম৷ মহাৰাষ্ট্ৰত ২০২০ চনত ২,০৬১ আৰু ২০২১ চনত ২,৪৯৬ টা বলাৎকাৰৰ গোচৰ আছিল৷ আনহাতে উত্তৰ প্ৰদেশত ২০২০ চন আৰু ২০২১ চনত বলাৎকাৰৰ গোচৰৰ সংখ্যা আছিল ক্ৰমে ২,৭৬৯ টা আৰু ২,৮৪৫ টা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here