৮০০ কোটি বছৰৰ আগৰ ৰেডিঅ’ সংকেত আৱিষ্কাৰ ভাৰতীয় বিজ্ঞানীৰ!

0
221


মহাকাশত পুনৰ চমক সৃষ্টি কৰিলে ভাৰতীয় বিজ্ঞানীয়ে৷ মঙল গ্ৰহৰ তৰংগৰ স্ৰোত আৱিষ্কাৰৰ সময়ত ৮০০ কোটি বছৰ আগৰ ৰেডিঅ’ সংকেত ধৰা পেলাবলৈ সমৰ্থ হয় ভাৰতীয় বিজ্ঞানীয়ে৷ প্ৰথম মহাবিশ্বত কি ঘটিছিল এই সন্দৰ্ভত গৱেষণা কৰাৰ সময়তে এইধৰণৰ সংকেত চিনাক্ত কৰাটো ভাৰতীয় বিজ্ঞানীৰ বাবে প্ৰশংসাযোগ্য হিচাপে বিবেচিত হৈছে৷ ভাৰতীয় বিজ্ঞানীৰ লগত মণ্ট্ৰিয়েল বিজ্ঞানীৰ প্ৰথম মহাবিশ্বৰ ৰহস্যৰ সন্ধানত নমাৰ সময়তে এই ৰেডিঅ’ সংকেত লাভ কৰিছে৷ বিজ্ঞানীৰ দলটোৱে জনোৱা মতে এই ৰেডিঅ’ সংকেতবোৰ ২১ ছেণ্টিমিটাৰ তৰংগায়িত৷ সকলোতকৈ দূৰৱৰ্তী গেলেক্সিৰ পৰা এটা নিৰ্দিষ্ট তৰংগৰ দৈৰ্ঘ্যত এই ৰেডিঅ’ সংকেত লাভ কৰা বুলি ধাৰণা কৰিছে বিজ্ঞানীয়ে৷ এই সংকেত আৱিষ্কাৰ কৰিবলৈ ভাৰতীয় বিজ্ঞানীয়ে জায়াণ্ট মেট্ৰিৱেভ ৰেডিঅ’ টেলিস্কোপ ব্যৱহাৰ কৰিছিল৷ বিশ্বৰ অন্য টেলিস্কোপৰ দ্বাৰা এই ৰেডিঅ’ সংকেতবোৰ গ্ৰহণ কৰা কঠিন হৈছিল৷ কাৰণ এইধৰণৰ টেলিস্কোপ দূৰৱৰ্তী গেলেক্সিৰ সংকেত ধৰাৰ বাবে উপযুক্ত নহয়৷ সম্প্ৰতি ৰয়েল এষ্ট্ৰোহনমিকেল ছ’চাইটিৰ এটা ৰিপ’ৰ্ট মতে গেলেক্সি বা ছায়াপথৰ বিৱৰ্তন সম্পৰ্কে জানিবলৈ এই সংকেত কাৰ্যকৰী হ’ব৷ এই সংকেতটো এছ ডি এছ এছ আই 0826+5630 নামে পৰিচিত হৈছে৷ এটা দূৰৱৰ্তী গেলেক্সিৰ দ্বাৰা ইয়াক চিনাক্ত কৰা হৈছে৷ ইয়াৰ হাইড্ৰজেন হেছৰ উপস্থিতি ধৰা পৰিছে৷ গৱেষকে জনোৱা মতে এটা ছায়াপথৰ পৰা বিভিন্ন ধৰণৰ ৰেডিঅ’ সংকেত নিৰ্গত হয়৷ এই পৰ্যন্ত পৃথিৱীৰ কাষত গেলেক্সিবোৰত জনাৰ এই সংকেতে সমৃদ্ধ কৰিব৷ মহাজাগতিক বিৱৰ্তনৰ বহু কথাই জনাত সহায়ক হ’ব এই সংকেতৰ পৰা৷ গৱেষকৰ দলটোৱে জনোৱা মতে এই বিশেষ গেলেক্সিৰ হাইড্ৰজেন গেছৰ উপাদান পাৰমাণৱিক ভৰ পৰ্যবেক্ষণ কৰা হৈছে৷ এই ভৰ আমাৰ ওচৰৰ দৃশ্যমান I

LEAVE A REPLY

Please enter your comment!
Please enter your name here