নম্বৰক লৈ সন্তানক অধিক চাপ নিদিব : কোনে দিলে পৰামৰ্শ

0
128


নতুন দিল্লীৰ তালকটৰা ষ্টেডিয়ামত পৰীক্ষা পে চৰ্চা ২০২৩ৰ ষষ্ঠ সংস্কৰণত শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকসকল সৈতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক অন্তৰংগ আলোচনাত মিলিত হয়৷ পিতৃ-মাতৃ তথা শিক্ষাৰ্থীৰ উক্ত সন্মিলনত মোদীয়ে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱন আৰু পৰীক্ষা সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে৷ পৰীক্ষাক লৈ ছাত্ৰ-ছাত্ৰীৰ প্ৰস্তুতি, শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্য, পিতৃ-মাতৃৰ সন্তানৰ ওপৰত কেনে প্ৰভাৱ থাকিব লাগে আদি বিভিন্ন বিষয়ত উক্ত অন্তৰংগ আলোচনাত মোদীয়ে মন্তব্য প্ৰকাশ কৰে৷ দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থী তথা শিক্ষকৰ সৈতে পোনপটীয়া বাৰ্তালাপ কৰা মোদীয়ে শিক্ষাৰ্থীসকলৰ পৰীক্ষাৰ চাপ হ্ৰাস কৰিবলৈ লগতে পৰীক্ষাক উৎসৱৰ লেখীয়া কৰিবলৈ পৰামৰ্শ আগবঢ়ায়৷ ইয়াৰ লগতে পৰীক্ষাত নম্বৰৰ দৌৰত ভাগ নল’বলৈও আহবান জনায়৷ প্ৰধানমন্ত্ৰীয়ে সন্তানক নম্বৰক লৈ অধিক চাপ নিদিবলৈ অভিভাৱকসকলৰ পৰামৰ্শ আগবঢ়ায়৷ শিক্ষাৰ্থীসকলক সঠিকভাৱে মনোনিৱেশ কৰি থাকিলে আশাক লৈ চাপ নাইকিয়া হৈ যাব বুলিও কয় মোদীয়ে৷ শিক্ষাৰ্থীসকলৰ এটা পৰীক্ষাই জীৱনৰ শেষ পৰীক্ষা নহয় বুলি উল্লেখ কৰি মোদীয়ে কয় যে সেই পৰীক্ষাৰ ফলাফলৰ ওপৰত অতিমাত্ৰা চিন্তা কৰাটো দৈনন্দিন জীৱনৰ কাম নহয় বুলি মন্তব্য কৰে৷ আশা-আকাংক্ষাক লৈ সঠিক চিন্তা, বিশে¡ষণ আৰু ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শ দি মোদীয়ে ছাত্ৰ-ছাত্ৰীক নিজৰ সফলতাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ আহবান জনোৱাৰ লগতে শিক্ষক আৰু অভিভাৱককো এই সন্দৰ্ভত গুৰুত্ব দিবলৈ পৰামৰ্শ আগবঢ়ায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here