৪০-ৰ ঊধৰ্বক ক’ভিডৰ বুষ্টাৰ ড’জ দিয়ক: INSACOG-ৰ পৰামৰ্শ || INSACOG suggests Covid booster dose to people above 40

0
743
অ’মিক্ৰনৰ ভাবুকিৰ মাজত, কৰ’না ভাইৰাছৰ জিন’মিক ভেৰিয়েশ্যন্‌ছ নিৰীক্ষণ কৰা ২৮টা গৱেষণাগাৰৰ এটা সংঘই ৪০ বছৰ আৰু তাৰ ঊধৰ্বৰ লোকসকলক ক’ভিড-১৯ৰ বুষ্টাৰ ড’জ দিয়াৰ কথা বিবেচনা কৰিবলৈ কেন্দ্ৰক পৰামৰ্শ দিছে৷ ভাৰতত ইতিমধ্যে অ’মিক্ৰনৰ সংক্ৰমণ হোৱা ধৰা পৰিছে৷ এইটো অতি বেছি সংক্ৰামক ভেৰিয়েণ্ট৷ ইণ্ডিয়ান SARS-Cov-2 জিন’মিক কনছ’ৰ্টিয়াম বা INSACOG-এ কয় যে বিপদৰ আশংকা থকা যিসকল লোকক এতিয়াও ভেক্‌চিন দিবলৈ বাকী আছে, সেইসকলক ভেক্‌চিন দিয়া আৰু ৪০ বছৰ আৰু তাৰ ঊধৰ্বৰ লোকসকলক এটা বুষ্টাৰ ড’জ দিয়াৰ কথা বিবেচনা কৰিব পাৰি৷ কনছ’ৰ্টিয়ামে লগতে  কয় যে অ’মিক্ৰনৰ উপস্থিতি সোনকালে ধৰা পেলাবলৈ জিনমিক নিৰীক্ষণ গুৰুত্বপূৰ্ণ হ’ব৷ যিবোৰ ঠাইত ক’ভিডৰ সংক্ৰমণ হৈছে সেইবোৰ ঠাইলৈ আৰু সেইবোৰ ঠাইৰ পৰা ভ্ৰমণ নিৰীক্ষণ কৰা আৰু ক’ভিডত আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ অহাসকলক বিচাৰি উলিওৱা আদি ব্যৱস্থা ৰূপায়ণ কৰাৰ লগতে টেষ্টিঙো বৃদ্ধি কৰা হৈছে৷ উল্লেখ্য যে আমেৰিকা আৰু ব্ৰিটেইনে কিছুমান বয়সৰ গোটৰ লোকৰ বাবে ইতিমধ্যে বুষ্টাৰ ড’জত অনুমোদন জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here