অ’মিক্ৰনক লৈ ৰাজ্য চৰকাৰৰ সতৰ্কতামূলক ব্যৱস্থা || State govt’s alertness to take on Omicron

0
624
অ’মিক্ৰনক লৈ ৰাজ্য চৰকাৰেও সতৰ্কতা অৱলম্বন কৰিছে৷ কেন্দ্ৰীয় চৰকাৰে দিয়া স্পষ্ট নিৰ্দেশনা অনুসৰি বিদেশৰ পৰা ৰাজ্যলৈ অহা সকলো লোকৰ ওপৰত কঠোৰ নজৰ ৰখা হৈছে৷ ৰাজ্য চৰকাৰে এইপৰ্যন্ত নিজাববীয়াকৈ অ’মিক্ৰনক লৈ কোনো নিৰ্দেশনা দিয়া নাই যদিও NHM-ৰ সঞ্চালকে জনাইছে যে ৰাজ্য চৰকাৰে এই বিষয়ত পৰ্যালোচনা কৰাৰ উপৰি বিশেষজ্ঞৰ মতামত লৈছে৷ অচিৰেই চৰকাৰে ৰাজ্যিক আৰু জিলা পৰ্যায়ত অ’মিক্ৰন সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিব৷ কেন্দ্ৰীয় চৰকাৰে দিয়া নিৰ্দেশ পালন কৰি ৰাজ্য চৰকাৰে বিদেশৰ পৰা অহা যাত্ৰীৰ RTPCR পৰীক্ষাৰ ব্যৱস্থা কৰিছে৷ NHM-ৰ সঞ্চালকজনে সংবাদ মাধ্যমক জনোৱা মতে, কোনো যাত্ৰী ক’ভিড পজিটিভ হ’লে লগে লগে তেওঁৰ জিন’মিক ছিকুৱেন্সিঙৰ ব্যৱস্থা কৰা হ’ব৷ বিদেশৰ পৰা কোনো বিমানযাত্ৰীৰ ক’ভিড পৰীক্ষা নিগেটিভ হ’লেও বিমানযাত্ৰীজন ৭ দিনৰ কোৱাৰেণ্টাইনত থাকিব লাগিব৷ অষ্টম দিনা তেওঁৰ পুনৰ পৰীক্ষা কৰা হ’ব৷ GMCH-ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই কয় যে এইপৰ্যন্ত অ’মিক্ৰন সন্দৰ্ভত বহু কথা পোহৰলৈ আহিবলৈ আছে৷ তৎসত্ত্বেও ৰাজ্যবাসী সতৰ্ক হৈ থকা ভাল৷ জনসমাগমৰ পৰা আঁতৰি থকাৰ উপৰি ক’ভিডৰ সকলো নিয়ম-নীতি মানি চলিবলৈ আহবান জনাইছে৷ পাৰ্যমানে পিক্‌নিক আদিৰ পৰা আঁতৰি থাকিবলৈও তেওঁ পৰামৰ্শ আগবঢ়াইছে৷ কৰ’নাৰ প্ৰতিষেধক সকলোকে ল’বলৈ তেওঁ আহ্বান জনাইছে৷ আনহাতে চৰকাৰে সময়মতে কাৰ্যব্যৱস্থা গ্ৰহণৰ ইংগিত দিছে ৷ ইফালে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয় যে ৰাজ্য চৰকাৰে অ’মিক্ৰন সন্দৰ্ভত নতুনকৈ SOP প্ৰকাশ কৰিব৷ অ’মিক্ৰন দ্ৰুতগতিত সংক্ৰমিত হ’লেও ই অধিক ক্ষতিকাৰক নহয়৷ তথাপি ৰাজ্য চৰকাৰে সতৰ্কতামূলক ব্যৱস্থা লোৱাৰ লগতে ICU, চিকিৎসাৰ বাবে যাৱতীয় ব্যৱস্থা সাজু কৰি ৰাখিব৷ নতুনকৈ SOP প্ৰকাশ পালেও পূৰ্বৰ দৰে লকডাউন সদৃশ কঠোৰ পদক্ষেপ লোৱা নহয় বুলি স্বাস্থ্য মন্ত্ৰীয়ে ইংগিত দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here