২০৩০-ৰ ভিতৰতভাৰত হ’ব বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতিৰ দেশ

0
275

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ চেয়াৰমেন মুকেশ আম্বানিয়ে কয় যে ভাৰত ২০৩০ চনৰ ভিতৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হোৱাৰ সম্ভাৱনা আছে৷ বিলিয়নাৰ ব্যৱসায়ীজনে এই আত্মবিশ্বাসো প্ৰকাশ কৰে যে ভাৰতে জাপানক পিছ পেলাই এছিয়াৰ ভিতৰত দ্বিতীয় বৃহত্তম অৰ্থৰ্নীতিৰ দেশ হ’ব৷

এছিয়া ইক’নমিক ডায়লগ (এ ই ডি)২০২২-ত বক্তব্য দাঙি ধৰি আম্বানিয়ে কয় যে ভাৰতে ২০৩০ চনৰ ভিতৰত জাপানক অতিক্ৰম কৰি এছিয়াৰ দ্বিতীয় বৃহত্তম অৰ্থনীতিৰ আৰু বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হোৱাৰ সম্ভাৱনা আছে৷

তেওঁ কয় যে অহা ২০ বছৰত ৫০০ বিলিয়নতকৈ অধিক আমেৰিকান ডলাৰৰ পৰিষ্কাৰ শক্তি (ক্লীন এনাৰ্জি) ১৫ানি কৰি ভাৰত বিশ্বৰ সেউজ শক্তিৰ ছুপাৰ পাৱাৰ হ’ব পাৰে৷

ভাৰত যেতিয়া সেউজ আৰু পৰিষ্কাৰ শক্তিত আত্মনিৰ্ভৰশীল হ’ব, ই আমাক বিশ্বৰ শক্তি (পাৱাৰ) ৰূপে উদিত হোৱাত সহায় কৰিব বুলিও তেওঁ উল্লেখ কৰে৷ সেউজ কৰ্মসংস্থানৰ (জব) এই অৱস্থান্তৰৰ আন উপকাৰো আছে৷

শক্তিৰ এই অৱস্থান্তৰে একৈশ শতিকাৰ ভূ-ৰাজনৈতিক অৱস্থান্তৰো (ট্ৰেনজিছন) নিৰ্ধাৰণ কৰিব৷ আম্বানিয়ে কয় যে অহা দুটা বা তিনিটা দশকত ফছিল ফুৱেলৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা অন্ত পেলাবলৈ ভাৰতে কৌশল তৈয়াৰ কৰা উচিত৷

অহা দুটা বা তিনিটা দশকত কয়লা আৰু আমদানিকৃত তেলৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা অব্যাহত থাকিব৷ কিন্তু অহা দুটা বা তিনিটা দশকত সেয়া নাইকিয়া কৰিবলৈ আমি পৰিকল্পনা কৰিব লাগিব বুলিও আম্বানিয়ে লগতে উল্লেখ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here