সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ ‘আয়ুস ষ্টাৰ্টআপ চেলেঞ্জ’ মুকলি

0
315

দেশৰ ষ্টাৰ্টআপ আৰু ব্যক্তিবিশেষক সহায়-সহযোগিতা আগবঢ়োৱাৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ লগত সংগতি ৰাখি সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানে ষ্টাৰ্টআপ ইণ্ডিয়াৰ সহযোগত মুকলি কৰিছে এক বিশেষ প্ৰতিযোগিতা ‘আয়ুস ষ্টাৰ্টআপ চেলেঞ্জ’৷ আয়ুৰ্বেদ খণ্ডত উদ্ভাৱনৰ দিশে কাম কৰি থকা প্ৰাথমিক পৰ্যায়ত ষ্টাৰ্টআপ আৰু ব্যক্তিবিশেষক এই প্ৰতিযোগিতাৰ জৰিয়তে সন্মানিত কৰা হ’ব৷ আয়ুস ষ্টাৰ্টআপ চেলেঞ্জৰ বিজয়ীয়ে নগদ ধনৰ পুৰস্কাৰৰ লগতে সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ পৰা বিভিন্ন দিশত সহায়-সহযোগিতা লাভ কৰিব৷ এই সন্দৰ্ভত আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ তনুজা মনোজ নেছাৰীয়ে কয় যে চিকিৎসা বিজ্ঞানৰ শৈক্ষিক, বৈজ্ঞানিক গৱেষণা আৰু ক্লিনিকেল অনুশীলনৰ সৈতে আয়ুস মন্ত্ৰ্যালয়ৰ অধীনত তেওঁলোকে সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানখনক শ্ৰেষ্ঠ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে৷ আয়ুস বিজ্ঞানৰ পৰিসৰ বৃদ্ধিত ষ্টাৰ্টআপসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিব৷ আয়ুস ষ্টাৰ্টআপ চেলেঞ্জত আয়ুস ফুড ইন’ভ্যেন্‌ছ, আয়ুস বায়’ ইনষ্ট্ৰুমেণ্টেশ্যন (হাৰ্ডৱেৰ ছলিউশ্যন্‌ছ) আৰু আয়ুস আই টি ছলিউশ্যন্‌ছ (ছফ্‌টৱেৰ ছলিউশ্যন্‌ছ) তিনিটা শাখাত অংশগ্ৰহণ কৰিব পাৰিব৷ আয়ুৰ্বেদ প্ৰতিষ্ঠানে জনোৱা অনুসৰি নিৰ্বাচিত ষ্টাৰ্টআপ আৰু ব্যক্তিবিশেষে নগদ ধনৰ পুৰস্কাৰ লাভ কৰাৰ পূৰ্বে এক বৈধ প্ৰতিষ্ঠানৰ নাম পঞ্জীয়ন কৰিব লাগিব৷ আগ্ৰহীসকলে অহা ৪ মাৰ্চৰ ভিতৰত https://bit.ly/৩Jtig5q লিংকৰ জৰিয়তে আৱেদন কৰিব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here