এব’টে প্ৰদান কৰিব সামগ্ৰিক ডায়েবেটিছৰ যত্ন

0
395

বিশ্বব্যাপী স্বাস্থ্য সেৱা নেতা এব’টে মুখ্য স্বাস্থ্য-প্ৰযুক্তি অংশীদাৰ বিটো, ছুগাৰ ফিট, ফাৰ্মইজি, জিঅ’ কিউ আই, ১ এম জি, জাইলা হেল্‌থ, হেলথিফাইম আৰু ফিটাৰফ্লাইৰ সৈতে নতুন সহযোগিতাৰ ঘোষণা কৰিছে, যাতে সামগ্ৰিক ডায়েবেটিছ ব্যৱস্থাপনা যত্নৰ এক নতুন যুগ আৰম্ভ হয়৷ 
এই সহযোগিতাৰ জৰিয়তে, এব’টে ডায়েবেটিছত আক্ৰান্ত জ্জ্ব নিযুত লোকক গ্লুক’জ নিৰীক্ষণ সমাধান আগবঢ়োৱাৰ লক্ষ্য ৰাখিছে– যাৰ ভিতৰত প্ৰায় ৬.৫ মিলিয়ন ব্যৱহাৰকাৰীয়ে ফাৰ্মইজি আৰু ১ এম জিৰ জৰিয়তে প্ৰৱেশ কৰিব পাৰে৷ 
উন্নত ডায়েবেটিছ ব্যৱস্থাপনাৰ বাবে এক সামগ্ৰিক, ডাটা-আধাৰিত নিৰন্তৰ গ্লুক’জ নিৰীক্ষণ কাৰ্যসূচী আৰম্ভ কৰাৰ বাবে এব’টে বিট’ৰ সৈতে অংশীদাৰিত্ব কৰিছে৷ 
এই কাৰ্যসূচীয়ে ব্যৱহাৰকাৰীসকলক লক্ষ্যযুক্ত আহাৰ, ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু ফ্ৰী ষ্টাইল লিব্ৰে ৰেকৰ্ড কৰা তথ্যৰ ওপৰত আধাৰিত কৰি বিশেষজ্ঞসকলৰ পৰা জীৱনশৈলীৰ পৰামৰ্শ প্ৰদান কৰে৷ 
এব’টৰ ডায়েবেটিছ যত্ন ব্যৱসায়ৰ জেনেৰেল মেনেজাৰ কল্যাণ সত্তাৰুৱে কয় যে নতুন ডায়েবেটিছ প্ৰযুক্তিয়ে সঠিক আৰু অৱগত সিদ্ধান্ত লোৱাৰ পথ প্ৰশস্ত কৰিছে৷ 
আমাৰ অংশীদাৰ ব্ৰেণ্ডৰ সামগ্ৰীবোৰ ফ্ৰী ষ্টাইল লিব্ৰে প’ৰ্টফলিঅ’ৰ সৈতে সংযোগ কৰিলে ব্যৱহাৰকাৰীসকলে এক একত্ৰিত প্ৰণালীৰ অংশ হিচাপে তেওঁলোকৰ গ্লুক’জ ডাটা সহজে ধৰিব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here