হাৰ্ট এটেকৰ আগে আগেএইবোৰ সমস্যাই দেখা দিব পাৰে

0
307


সমগ্ৰ বিশ্বতে বৰ্তমান সময়ত হৃদৰোগত আক্ৰান্তৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ পৰ্যাপ্ত পৰিমাণে তেজ আৰু অক্সিজেন হৃদপিণ্ডলৈ সৰবৰাহ নোহোৱাৰ বাবে এই ৰোগৰ সন্মুখীন হ’ব পাৰে৷ ধমনীত কলেষ্টৰেল জমা হোৱাৰ বাবেও হাৰ্ট ষ্ট্ৰ’ক বা হৃদৰোগত আক্ৰান্তা হ’ব পাৰে৷ হৃদপিণ্ড সংক্ৰান্তীয় কোনোধৰণৰ ৰোগ হ’লে তাৰ লক্ষণ শৰীৰৰ অন্য অংশত দেখা দিব পাৰে৷ জানো আহক হাৰ্ট এটেক বা হৃদৰোগ সম্পৰ্কীয় অসুবিধা হ’লে শৰীৰৰ কোন কোন অংশত দেখা দিব পাৰে৷
হৃদৰোগৰ অন্যতম প্ৰধান লক্ষণ হ’ল বদহজমৰ অনুভূতি বা বিসংগতি৷ আপুনি যদি সঘনাই বেছি পৰিমাণে বুকু বা পেটৰ জ্বলা-পোৰা অনুভৱ কৰে, তেন্তে এইধৰণৰ লক্ষণে হাৰ্ট সম্পৰ্কীয় ৰোগৰ ইংগিত দিব পাৰে৷ বহু সময়ত পাকস্থলী সংক্ৰান্তীয় ৰোগৰ কাৰণেও এই সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ সেয়েহে দীৰ্ঘদিন এনে সমস্যা হ’লে অৱহেলা নকৰি চিকিৎসকৰ পৰামৰ্শ লওক৷
বুকুত অতিৰিক্ত চাপ অনুভৱ কৰিলেও হৃদৰোগত সম্ভাৱনাই দেখা দিয়ে৷ বুকুৰ অতিৰিক্ত চাপ অনুভৱ কৰিলে হাৰ্ট এটেকৰ প্ৰাথমিক লক্ষণ হিচাপে দেখা দিয়ে৷
হাৰ্ট এটেক হ’লে বুকুৰ লগতে শৰীৰৰ অন্য অংশও আক্ৰান্ত হ’ব পাৰে৷ কোনো কাৰণ নোহোৱাকৈয়ে যদি আপুনি ঘাৰ বা কান্ধৰ বিষ অনুভৱ কৰে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা জৰুৰী৷
বুকুৰ বিষৰ লগতে সঘনাই বমি বমি ভাব, পেট ফুলা আদিও হাৰ্ট এটেকৰ প্ৰাথমিক লক্ষণ হ’ব পাৰে৷ এই সমস্যাটো সাধাৰণতে মহিলাসকলৰ মাজত দেখা যায়৷ এই অৱস্থাত ব্যক্তিজনে অস্থিৰতা অনুভৱ কৰে, বমিৰ ভাব হয়, পেট ফুলি উঠে৷ এইধৰণৰ সমস্যা আওকাণ নকৰি চিকিৎসকৰ ওচৰ চপা ভাল৷
ভৰিৰ পতা বা গোৰোহাৰ বিষ, ফুটা, বা শ্বাস নিশ্বাসত কষ্ট পোৱা হাৰ্ট ফেইলৰ সাধাৰণ লক্ষণ৷ হাৰ্ট এটেকৰ আগেয়ে ভৰিৰ পতা ফুলাৰ লগতে শেষ পৰ্যন্ত পেট আৰু চকুৰ চাৰিওফালে এই ফুলা ভাব দেখা যায়৷
অত্যধিক ক্লান্তি বা ভাগৰ হৃদযন্ত্ৰৰ লগত সম্পৰ্কীয় এক লক্ষণ৷ এনে সময়ত শৰীৰৰ কিছু অংশত তেজৰ প্ৰবাহ নহয়৷ যাৰ কাৰণে শ্বাসকষ্ট বা ক্লান্তি অনুভৱ হয়৷ এই সময়ত অলপ শাৰীৰিক পৰিশ্ৰমতে ব্যক্তিজনে প্ৰচুৰ ক্লান্তি বা ভাগৰ অনুভৱ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here