লং : বহু ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধৰ ঢাল

0
166


আমাৰ চাৰিওফালে এনে কিছুমান খাদ্য পোৱা যায়, যিয়ে শৰীৰৰ বাবে অত্যন্ত উপকাৰী৷ এইবোৰৰ ভিতৰত হাততে পোৱা লং স্বাস্থ্য ৰক্ষাৰ বাবে উপযোগী এবিধ খাদ্য সামগ্ৰী৷ ভাৰতবৰ্ষত বহু যুগৰ পৰাই লং ব্যৱহাৰ হৈ আহিছে৷ প্ৰাচীন কালৰে পৰা আয়ুৰ্বেদ শাস্ত্ৰত লঙক ঔষধ হিচাপে ব্যৱহাৰ কৰি আহিছে৷ ইয়াৰ অন্তৰালত বহুতো ফলপ্ৰসূ সমাধান লুকাই আছে৷ লঙত ফাইবাৰ, মেংগানিজ, ভিটামিন-কেৰ উপৰি এণ্টিঅক্সিডেণ্টৰ দৰে ভৰপূৰ উপাদান থাকে৷ লং নিয়মিত খালে শৰীৰে পুষ্টি লাভ কৰে আৰু নানা বেমাৰৰ পৰা হাত সাৰিব পাৰি৷
লঙত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিয়ে ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷ লঙত থকা ইউজেবল উপাদানবিধ খুব ভাল এণ্টিঅক্সিডেণ্ট৷
বিভিন্ন গৱেষণাত দেখা গৈছে যে লঙত এনে কিছুমান উপাদান থাকে, যিয়ে কেঞ্চাৰৰ দৰে ৰোগক প্ৰতিৰোধ কৰিব পাৰে৷ ইয়াত থকা ইউজেবল নামৰ উপাদানে শৰীৰত কেঞ্চাৰ কোষৰ বৃদ্ধি বাধাৰ সৃষ্টি কৰে৷
বেক্টেৰিয়াই শৰীৰত নানা জটিলতাৰ সৃষ্টি কৰে৷ বিভিন্ন গুৰুতৰ সংক্ৰমণৰ কাৰণ হৈছে এইবোৰ জীৱাণু৷ লঙে এইবোৰ মাৰাত্মক বেক্টেৰিয়াৰ বিৰুদ্ধে সক্ৰিয় ভূমিকা গ্ৰহণ কৰে৷
যকৃতৰ সুস্বাস্থ্যৰ বাবে বিশেষ ধ্যান দিব লাগে৷ ভুল খাদ্যাভ্যাসৰ কাৰণে লিভাৰৰ নানা ৰোগ হ’ব পাৰে৷ সেয়েহে এই অংগটো সুস্থ ৰাখিবলৈ নিয়মিতভাৱে লং সেৱন কৰিব পাৰে৷ লিভাৰক সুস্থ ৰাখিবলৈ তথা প্ৰদাহ কমাবলৈ লং খোৱাটো ভাল৷
শৰীৰৰ ছুগাৰ নিয়ন্ত্ৰণত ৰাখিবলৈ লঙৰ বিশেষ ভূমিকা আছে৷ ডায়েবেটিছ ৰোগীয়ে দৈনিক লং সেৱন কৰিলে সুফল লাভ কৰিব৷
আনহাতে দাঁতৰ বিষৰ পৰা উপশম পাবলৈ বা মুখৰ পৰা ওলোৱা দুৰ্গন্ধৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ লং খাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here