হাৰ্টৰ জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন : ক’ত? Rare heart surgery conducted: where?

0
1080
উত্তৰ-পূৰ্বাঞ্চলৰ ছুপাৰ স্পেচিয়েলিটী হস্পিটেল GNRC হস্পিটেলত অলপতে অসমৰ এগৰাকী ৪১ বছৰীয়া মহিলাৰ হৃদ শল্য বিশেষজ্ঞৰ দ্বাৰা সফলতাৰে বৰ্ধিত এৰটা ধমনী আৰু বাইকাছপিড এৰটিক ভালভৰ জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হয়৷ হাৰ্টৰ ভালভৰ ৰোগত বহু বছৰ ধৰি আক্ৰান্ত হৈ থকা এগৰাকী ৰোগী চিকিৎসকৰ বাবে GNRC হস্পিটেললৈ আহে৷ ৰোগীগৰাকীক পৰীক্ষা-নিৰীক্ষা কৰাৰ অন্তত ৰোগীগৰাকী বাইকাছপিড এৰটিক ৰোগত আক্ৰান্ত হৈ থকা বুলি চিনাক্ত হয়৷ এই ৰোগত আক্ৰান্ত হোৱাৰ ফলত ৰোগীগৰাকীয়ে বহু মাহ ধৰি মূৰ ঘূৰণি, বুকুৰ বিষ আৰু উশাহ চুটি হোৱা সমস্যাত ভুগি আছিল৷ GNRC-ৰ দিছপুৰ শাখাত তেওঁৰ ইক’-কাৰ্ডিঅ’গ্ৰাফী আৰু চিটি এঞ্জিঅ’গ্ৰাম স্কেন কৰা হয়৷ এই পৰীক্ষাত চিনাক্ত হয় যে তেওঁৰ এৰটিক ভালভ সংকুচিত হৈ আহিছিল৷ কাৰণ জন্মগতভাৱে তেওঁৰ এৰটিক ভালভৰ বিসংগতি আছিল৷ এই এৰটিক ভালভত সাধাৰণতে তিনিটা লিফলেট থাকে৷ কিন্তু এওঁৰ ক্ষেত্ৰত দুটা লিফলেটহে আছিল৷ যাৰ ফলত ভালভটো সংকুচিত হৈ ৰক্ত সঞ্চাৰণ হোৱাত বাধাপ্ৰাপ্ত হৈছিল৷ ইয়াৰ উপৰি তেওঁৰ এৰটাটোও সাধাৰণ অৱস্থাতকৈ তিনি গুণ বাঢ়ি আহিছিল৷ ভাৰতবৰ্ষৰ জনসাধাৰণৰ মাজত এই ৰোগ বহুলভাৱে দেখা নাযায়৷ বাইকাছপিড এৰটিক ভালভত এৰটিক এনিউৰিজমতৰোগীগৰাকীক অস্ত্ৰোপচাৰ কৰাটো বিশেষজ্ঞসকলৰ বাবেও যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰে৷ ৰোগীজনৰ এৰটিক ভালভটো সলনি কৰাৰ উপৰি তেওঁৰ এৰটিক এনিউৰিজমটো মেৰামতি কৰা হয় এটা কৃত্ৰিম নলীৰ সহায়ত৷ এই অস্ত্ৰোপচাৰৰ সময়ত ৰোগীৰ প্ৰায়েই ৰক্তক্ষৰণ, হাৰ্ট ফেইলৰ আৰু মগজুৰ ষ্ট্ৰ’ক হোৱা দেখা যায়৷ কিন্তু GNRC হস্পিটেলত হোৱা ৰোগীগৰাকীৰ এই অস্ত্ৰোপচাৰৰ সময়ত কোনো অসুবিধা নোহোৱাকৈ অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল৷ এই অস্ত্ৰোপচাৰত সহযোগিতা আগবঢ়াইছিল সহযোগী সন্দীপ বাৰ্মা, হৃদ এনাস্থেছিয়া বিশেষজ্ঞ ডাঃ কল্পজিৎ দত্ত, ডাঃ জ্যোতিৰ্ময় দাস আৰু ডাঃ বিউটি চৌধুৰী, পাৰফিউছ’নিষ্ট কৃষ্ণাকান্ত ত্ৰিবেদী সহিতে আন আন নাৰ্ছ আৰু সহযোগীসকলে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here