দেশত মহিলা-শিশুৰ ৰক্তহীনতা উদ্বেগৰ কাৰণ || Anaemia among women-children in the country worrisome

0
1094
শিশু আৰু মহিলাসকলৰ মাজত ৰক্তহীনতা বা ৰক্তাল্পতা এতিয়াও উদ্বেগৰ কাৰণ হৈ আছে৷ ১৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত তেওঁলোকৰ ভিতৰত আধাতকৈও বেছিসংখ্যক মহিলা-শিশু ৰক্তহীনতাত ভোগা৷ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ দ্বিতীয় পৰ্যায়ৰ ফলাফলৰ পৰা এই কথা জানিব পৰা গৈছে৷ ভাৰতৰ ১৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ জনসংখ্যা, উৰ্বৰতা আৰু শিশুৰ স্বাস্থ্য, পৰিয়াল কল্যাণ, পৰিপুষ্টি আৰু অন্যান্য বিষয়ৰ তথ্য প্ৰকাশ কৰে৷ এই পৰ্যায়ত জৰীপ চলোৱা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰ আছিল অৰুণাচল প্ৰদেশ, চণ্ডীগড়, ছট্টিশগড়, হাৰিয়ানা, ঝাৰখণ্ড, মধ্য প্ৰদেশ, ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লী, ওড়িষা, পুডুচেৰি, পঞ্জাব,  ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড৷ ৰাষ্ট্ৰীয় পৰ্যায়তো মহিলা আৰু শিশুসকলৰ ৰক্তিহীনতা ১৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে একে৷ শিশুৰ পৰিপুষ্টি ভাৰতত সামান্য উন্নত হৈছে৷ কিন্তু মহিলাসকল (গৰ্ভৱতীসকলকে ধৰি) আৰু শিশুসকলৰ ৰক্তহীনতা এতিয়াও উদ্বেগৰ কাৰণ হৈ আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here