HIV মুক্ত কৰাৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ || State govt’s plan to make Assam HIV-free

0
440
ৰাজ্যখনক HIV মুক্ত কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে৷ এই উদ্দেশ্যে এইড্‌ছ দিৱসত বছৰজোৰা কাৰ্যসূচী ঘোষণা কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷ বিশ্ব এইড্‌ছ দিৱস উপলক্ষে অসম ৰাজ্যিক এইড্‌ছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত এক ডিচেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত ৰাজ্যিক অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী মহন্তই এই কথা সদৰী কৰে৷ তেওঁ এইড্‌ছ মৃত্যুমুখত পেলাব পৰা ৰোগ নহয় বুলি সদৰী কৰি ৰাইজক সজাগ হ’বলৈ আহ্বান জনায়৷ প্ৰয়োজনত সকলোকে এই ৰোগৰ পৰীক্ষা কৰাবৰ বাবে আহবান জনাই মন্ত্ৰীজনে কয় যে সম্প্ৰতি ৰাজ্যত ৪৩০টা HIVপৰীক্ষা কেন্দ্ৰ আছে৷ এইবাৰৰ বিশ্ব এইড্‌ছ দিৱসৰ মুখ্য শ্ল’গান ‘বৈষম্যৰ অৱসান, এইড্‌ছৰ অৱসান আৰু অতিমাৰীৰ অৱসান’ বুলি উল্লেখ কৰি মন্ত্ৰীজনে কয় যে আন বহু ঠাইতকৈ অসমত এই ৰোগত আক্ৰান্ত লোকৰ ক্ষেত্ৰত বৈষম্য কম৷ এইড্‌ছৰ ক্ষেত্ৰতো একেই বুলি উল্লেখ কৰি তেওঁ প্ৰথমে বেমাৰটো সকলোৱে লুকুৱাই ৰাখিছিল যদিও এতিয়া ইজনে সিজনক আলিংগন কৰিব পৰা পৰিস্থিতি এটালৈ উন্নীত হৈছে বুলি কয়৷ এই ৰোগক নিয়ন্ত্ৰণলৈ আনিব পাৰি বুলিও তেওঁ সদৰী কৰে৷ উল্লেখ্য যে এইড্‌ছ নিৰ্মূলকৰণৰ ক্ষেত্ৰত বিশেষভাৱে সহযোগ কৰা চাৰিগৰাকী ব্যক্তি ক্ৰমে ৰাজ্যিক শিক্ষা, গৱেষণা আৰু প্ৰশিক্ষণ সঞ্চালক ড॰ নিৰদা দেৱী, নগাঁও মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড॰ ভুৱন চুতীয়া, যোৰহাটৰ এইড্‌ছ নিয়ন্ত্ৰণ বিষয়া ডাঃ ভক্তিময় ভট্টাচাৰ্য আৰু লোকশিল্পী তথা ওজাপালিৰ সাধক দ্ৰুণ ভূঞাক আজি সম্বৰ্ধনা জনোৱা হয়৷ অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সঞ্চালক ড॰ এছ লক্ষ্মণন, স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰথীন্দ্ৰ ভূঞা, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন, বিভাগৰ যুটীয়া সচিব অংকুৰ ভৰালী, উপসচিব কমলজিৎ তালুকদাৰো উপস্থিত আছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here