সৰা শেৱালিত মুকুতা

0
2247

শৰৎ কালৰ আগমনৰ লগে লগে শেৱালি ফুল ফুলা দেখা যায়৷ শেৱালি ফুলৰ বৰণে সকলোকে আকৰ্ষিত কৰাৰ উপৰি ইয়াৰ স্নিগ্ধ সুৱাসেই আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷ শেৱালিৰ গোন্ধত গোটেই পদূলিমুখ আমোলমোলাই থাকে৷ ই সুগন্ধিযুক্ত হোৱাৰ উপৰি ঔষধি গুণসম্পন্ন৷ প্ৰবাদ মতে মহাদেৱৰ পৰা অৰ্জুনে এই গছজোপা মাতৃ কুন্তীৰ বাবে উপহাৰ হিচাপে লাভ কৰিছিল৷ শেৱালি ফুলৰ বৈজ্ঞানিক নাম নাইকটেন্থাছ আৰবৰ-ট্ৰিছ্‌টিছ (Nyctanthes arbor-tristis)৷ শেৱালি ফুলৰ কেইটামান ঔষধি গুণৰ বিষয়ে জানো আহক–

(১) শেৱালি ফুল জ্বৰ, কাহৰ উত্তম পথ্য হিচাপে গণ্য কৰা হয়৷ শেৱালি ফুলৰ কুমলীয়া পাতৰ ৰসৰ লগত মৌ মিহলাই খালে এনেধৰণৰ ৰোগৰ পৰা উপশম পাব পাৰি৷
(২) শেৱালি গছে বায়ু প্ৰদূষিত কৰি ৰাখে৷ সেয়ে ঘৰৰ পদূলিমুখত এজোপা শেৱালি গছ থকাটো বাধ্যতামূলক৷
(৩) তেজ পৰিষ্কাৰ কৰি ৰখাত শেৱালি ফুলৰ ভূমিকা যথেষ্ট আছে৷ ইয়াৰ ৰস নিয়মীয়াকৈ খালে তেজ পৰিষ্কাৰ হয়৷
(৪) শেৱালি ফুলৰ গুটি বতি চুলিত লগালে চুলি সৰা আৰু চুলি পকা সমস্যাৰ পৰা বাচিব পাৰি৷
(৫) শেৱালি ফুল আঞ্জা হিচাপে বনাই খালে পাচন শক্তি বৃদ্ধি পায়৷
(৬) বসন্ত ৰোগীয়ে শেৱালি ফুল খালে সুফল পায়৷
(৭) গাঁঠিৰ বিষ, হাড়ৰ বিষ নিৰাময়ৰ বাবে শেৱালি ফুলৰ পাত গৰম কৰি তাৰ পৰা ওলোৱা ৰস ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়৷
(৮) শেৱালি ফুলৰ গছৰ ছালে মেদবহুলতা নিৰাময় কৰিব পাৰে৷
(৯) শেৱালি ফুলে ৰক্ত শোধনৰ জৰিয়তে ছালৰ ৰোগ নিৰ্মূল কৰাত সহায় কৰে৷
(১০) ছায়াটিকা ৰোগীয়ে শেৱালি ফুলৰ ৰস নিয়মীয়াকৈ খালে ৰোগ উপশম হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here