স্বচ্ছতা, সজাগতা, জনস্বাস্থ্য ব্যৱস্থাৰ অভাৱত বহুতৰে প্ৰাণ কাঢ়িলে ক’ভিডে : কাৰ প্ৰতিবেদন

0
411

সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছ নিয়ন্ত্ৰণ কৰাত বিভিন্ন স্তৰত হোৱা ব্যৰ্থতাৰ বাবেই লাখ লাখ লোকৰ মৃত্যু হ’ল৷ এই লোকসকলৰ জীৱন বচাব পৰা গ’লহেঁতেন৷ ইয়াৰ ফলত কেইবাখনো দেশত ৰাষ্ট্ৰসংঘৰ সামূহিক বিকাশৰ লক্ষ্যতো প্ৰতিকূল প্ৰভাৱ পৰে৷ লানচেটৰ কভিড-১৯ আয়োগৰ এখন প্ৰতিবেদনত এই কথা প্ৰকাশ কৰা হৈছে৷ কভিড-১৯ নিয়ন্ত্ৰণৰ কৰিবলৈ প্ৰথম দুবছৰত সমগ্ৰ বিশ্বতে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েআয়োগে গভীৰভাৱে অধ্যয়ন কৰে৷ প্ৰতিবেদনখনক কৰ’নাৰ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা উপায়সমূহ, স্বচ্ছতা, সজাগতা, প্ৰাথমিক জনস্বাস্থ্য ব্যৱস্থা, অভিযানত সহযোগিতা তথা আন্তঃৰাষ্ট্ৰীয় একতাৰ অভাৱৰ বিষয়ে উল্লেখ কৰা হৈছে৷ 
ইয়াৰ ফলতে বিশ্বত প্ৰায় ৰ কোটি ৭৭ লাখ লোকৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে৷ প্ৰতিবেদনখনত লগতে কোৱা হৈছে যে অধিকাংশ দেশৰে চৰকাৰ প্ৰস্তুত হৈ থকা নাছিল আৰু তেওঁলোকৰ প্ৰতিক্ৰিয়াও যথেষ্ট লেহেম আছিল৷ ইয়াৰ লগতে সমাজৰ আটাইতকৈ স্পৰ্শকাতৰ গোটসমূহক বিশেষ গুৰুত্ব দিয়া নাছিল৷ ইয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা অভাৱ তথা ভুল তথ্যৰ প্ৰচাৰে পৰিস্থিতি অধিক বেয়ালৈ নিয়ে৷ প্ৰতিবেদনখনত কভিড-১৯ জৰুৰী অৱস্থা প্ৰত্যাহাৰ কৰাৰ বাবেও পৰামৰ্শ আগবঢ়োৱা হৈছে৷ ইয়াৰ লগতে ভৱিষ্যতে এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ দীৰ্ঘম্যাদী সামূহিক বিকাশৰ পৰামৰ্শও প্ৰতিবেদনখনত দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here