সৌৰ শিখাই পৃথিৱীক ক্ষতি কৰাৰ আশংকা

0
276

সূৰ্যৰ উপৰিভাগত হোৱা প্ৰচণ্ড বিস্ফোৰণ আৰু ধুমুহাৰ ফলত উৎপত্তি হোৱা সৌৰ শিখাই কেইদিনমানৰ আগতে পৃথিৱীত খুন্দা মাৰেহি৷ বিজ্ঞানীসকলে এই কথা প্ৰকাশ কৰিছে৷ যোৱা সাত আগষ্টত প্ৰতি ছেকেণ্ডত ৬০০ কিল’মিটাৰ বেগত এই সৌৰ শিখাই পৃথিৱীক খুন্দা মাৰে৷ অৱশ্যে ইয়াৰ ফলত বিশেষ কোনোধৰণৰ ক্ষতি হোৱা নাই৷ কিন্তু ভৱিষ্যতে এনেধৰণৰ শক্তিশালী সৌৰ শিখাই পৃথিৱীৰ ক্ষতি কৰাৰ আশংকা কৰা হৈছে৷ বিশেষকৈ পৃথিৱীৰ যোগাযোগ ব্যৱস্থাত বৃহৎ প্ৰভাৱ পেলাব পাৰে৷ উক্ত সৌৰ শিখাক জি-২ শ্ৰেণীৰ বুলি কোৱা হৈছে৷ 
ইফালে বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি সৌৰ চক্ৰ চৰম হোৱাৰ দিশত আগবাঢ়িছে৷ ইয়াৰ ফলত সূৰ্যৰ বুকুত সঘনে বিস্ফোৰণ হোৱা দেখা পোৱা গৈছে৷ মাত্ৰ দুটা সপ্তাহৰ ভিতৰত ৩৫ বাৰ বিস্ফোৰণ হোৱাৰ লগতে সূৰ্যৰ উপৰিভাগত কেইবাটাও সৌৰ কলংকৰ সৃষ্টি হয়৷ এনেধৰণৰ বিধ্বংসী বিস্ফোৰণৰ ফলত সূৰ্যৰ উপৰিভাগৰ প্ৰতি ঘণ্টাত কেইবা নিযুত মাইল বেগত কেইবাশ কোটি পদাৰ্থ নিৰ্গত হয়৷ 
আমেৰিকাৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান নাছাৰ মতে, ২০২৫ত সৌৰ চক্ৰ সৰ্বোচ্ছ পৰ্যায়ত উপনীত হ’ব৷ তেতিয়া সৌৰ ঘটনাৰ সংখ্যাও বৃদ্ধি পাব৷ নাছাৰ মতে, সৌৰ ঢৌ আৰু প্ৰচণ্ড বিস্ফোৰণৰ ফলত পৃথিৱীক পৰিভ্ৰমণ কৰি থকা কৃত্ৰিম যোগাযোগ উপগ্ৰহবোৰৰ ক্ষতি সাধন কৰিব পাৰে৷ বৰ্তমানৰ সৌৰ চক্ৰৰ আৰম্ভ হৈছিল ২০১৯ বৰ্ষত৷ ই যিমানেই চৰম পৰ্যায়ত উপনীত হোৱাৰ দিশত আগবাঢ়িব, সিমানেই সৌৰ ধুমুহাৰ লগতে প্ৰচণ্ড বিস্ফোৰণৰ সংখ্যাও বৃদ্ধি পাব৷ ২০২৫ত এনেধৰণৰ ঘটনাৰ সংখ্যা অধিক বৃদ্ধি পাব আৰু সূৰ্যৰ উপৰিভাগ অধিক ভয়াৱহ হৈ পৰিব

LEAVE A REPLY

Please enter your comment!
Please enter your name here