৫৮ শতাংশ সংক্ৰামক ৰোগৰ কাৰণ জলবায়ু পৰিৱৰ্তন

0
175

সমগ্ৰ বিশ্বতে সংক্ৰামক ৰোগে ভয়ানক গতি লাভ কৰিছে৷ দৈনিক নতুন নতুন ৰোগৰ দ্বাৰা বিশ্ববাসী আক্ৰান্ত হৈছে৷ মুঠতে এটাৰ পাছত আন এটা সংক্ৰামক ৰোগে বিস্তাৰিত হৈছে বিশ্ববাসীৰ মাজত৷ এই ৰোগবোৰে নিমিষতে বিস্তাৰিত হৈ আতংকৰ সৃষ্টি কৰিছে৷ কেতিয়াবা এনেও হোৱা পৰিলক্ষিত হৈছে যে ৰোগবিধৰ সংক্ৰমণ ৰোধৰ ব্যৱস্থা নতুনকৈ গৱেষণা-পৰীক্ষা কৰিহে উলিয়াবলগীয়া হৈছে৷ যাৰ ফলত ৰোগে দ্ৰুতগতিত বিস্তাৰ হৈ মৃত্যুদূতলৈ পৰিণত হৈছে৷ এইবোৰৰ ভিতৰত প্ৰধানকৈ নাম ল’ব লাগিব কৰ’না মহামাৰীৰ৷ সমগ্ৰ বিশ্বতে কৰ’নাৰ প্ৰাদুৰ্ভাৱে যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছিল সেয়া সকলোৰে জ্ঞাত৷ একেদৰে শেহতীয়াভাৱে মাংকি পক্সৰ প্ৰাদুৰ্ভাৱ দ্ৰুতগতিত বাঢ়িছে৷ এইবিধ ৰোগে কিছু অঞ্চলত আতংকৰ সৃষ্টি কৰিছে৷ 
ইফালে ডেংগু, কলেৰাৰ প্ৰাদুৰ্ভাৱৰ কথা নক’লোঁৱেই যেনিবা৷ এই সকলোবোৰ ৰোগৰ সংক্ৰমণৰ মূলতে হৈছে জলবায়ু পৰিৱৰ্তন৷ এই দাবী কৰিছে নেচাৰ ক্লাইমেট চেঞ্জ পত্ৰিকাত প্ৰকাশিত এটা গৱেষণাত৷ পত্ৰিকাখনত প্ৰকাশিত গৱেষণাপত্ৰত একাংশ গৱেষকে দাবী কৰিছে যে জলবায়ু পৰিৱৰ্তনৰ বাবেই সংক্ৰামক ৰোগৰ সংখ্যা ৫৮ শতাংশলৈ বাঢ়িছে৷ শেহতীয়াভাৱে জানিব পৰা মতে ইউৰোপৰ এটা অংশত গ্ৰীষ্মপ্ৰৱাহ অত্যধিক বৃদ্ধি পোৱাৰ বিপৰীতে আন এটা অঞ্চলত অতিবৃষ্টিৰ বাবে বানপানীৰ সৃষ্টি হৈছে৷ আমেৰিকাৰ বিভিন্ন ঠাইত আকৌ বনজুইৰ প্ৰকোপ বাঢ়িছে৷ ইয়াৰ সমান্তৰালভাৱে এইবোৰ অঞ্চলত সংক্ৰামক ৰোগৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে৷ একমাত্ৰ জলবায়ু পৰিৱৰ্তনৰ ফলত এইদৰে প্ৰভাৱ পৰিছে বুলি গৱেষণাপত্ৰখনে দাবী কৰিছে

LEAVE A REPLY

Please enter your comment!
Please enter your name here