ইথানল উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হ’ব নৰা

0
259

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পেট্ৰলৰ সৈতে ইথানল মিহলাই দেশে  ৫০ হাজাৰ কোটি টকা বিদেশলৈ যোৱাৰ পৰা ৰাহি কৰিছে৷ পানীপটত ইণ্ডিয়া অইল কৰ্প’ৰেশ্যনৰ দ্বিতীয় প্ৰজন্মৰ ইথানল প্ৰকল্প দেশৰ বাবে উচৰ্গা কৰি মোদীয়ে আৰু কয় যে সেই ৫০ হাজাৰ কোটি টকা কৃষকৰ হাতলৈ গৈছে৷ ইথানল প্ৰকল্প উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা জনসাধাৰণক ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি ভাষণ দি মোদীয়ে কয় যে ৯০০ কোটিটকীয়া এই প্ৰকল্পই খেতিপথাৰত নৰা জ্বলোৱা সমস্যাৰ এটা স্থায়ী সমাধান দিব৷ 
তদুপৰি নৰাবোৰ কৃষকৰ উপাৰ্জনৰ আহিলা হৈ পৰিব৷ মোদীয়ে কয় যে যোৱা আঠ বছৰত ইথানলৰ উৎপাদন ৪০ কোটি লিটাৰৰ পৰা ৪০০ কোটি লিটাৰলৈ বৃদ্ধি পাইছে৷ তেওঁ আৰু কয় যে পানীপটত স্থাপন কৰা এই ইথানল প্ৰকল্পই হাৰিয়ানা আৰু দিল্লীত প্ৰদূষণ হ্ৰাস কৰিব৷ এই প্ৰকল্পটোত বাৰ্ষিক ৩ কোটি লিটাৰ ইথানল উৎপাদন কৰিবলৈ ২ লাখ টন ধানৰ নৰা ব্যৱহাৰ কৰা হ’ব৷ মোদীয়ে কয় যে কেইবছৰমানৰ ভিতৰতে ভাৰতৰ ৭৫ শতাংশ পৰিয়ালে পাইপেৰে যোগান ধৰা গেছ লাভ কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here