সুখবৰ : আগতকৈ দেশত চাহৰ উৎপাদনৰ হাৰ বৃদ্ধি

0
424

টী ব’ৰ্ড অব্‌ ইণ্ডিয়াই কয় যে ছেপ্টেম্বৰ মাহত দেশখনত আনুমানিক ১৯০ মিলিয়ন কিল’গ্ৰাম চাহ উৎপাদন হয় আৰু যোৱা বছৰৰ ছেপ্টেম্বৰতকৈ এই পৰিমাণ ১৬.৫ শতাংশ বেছি৷ যোৱা বছৰৰ ছেপ্টেম্বৰত উৎপাদন হৈছিল ১৬৩ মিলিয়ন কিল’গ্ৰাম চাহ৷ চাহ উৎপাদন কৰা বৃহত্তম ৰাজ্য অসমত ছেপ্টেম্বৰ মাহত ১০৯ মিলিয়ন কিল’গ্ৰাম চাহ উৎপাদন হোৱা বুলি আনুমানিক হিচাপ কৰা হৈছে৷ যোৱা বছৰৰ ছেপ্টেম্বৰত অসমত উৎপাদন হৈছিল ৯২ মিলিয়ন কিল’গ্ৰাম চাহ৷ পশ্চিম বংগত ছেপ্টেম্বৰত উৎপাদন হয় ৫২.৯৪ মিলিয়ন কিল’গ্ৰাম চাহ৷ আগৰ বছৰৰ ছেপ্টেম্বৰত উৎপাদন হৈছিল ৪৬.৩২ মিলিয়ন কিল’গ্ৰাম৷ মাহটোত উত্তৰ ভাৰতত চাহৰ উৎপাদন আছিল আনুমানিক ১৬৬.৭৫ মিলিয়ন কিল’গ্ৰাম৷ 
যোৱা বছৰৰ ছেপ্টেম্বৰত উৎপাদন হৈছিল ১৪২.৫৬ মিলিয়ন কিল’গ্ৰাম৷ দক্ষিণ ভাৰতত যোৱা মাহত আনুমানিক ২৩.২৮ মিলিয়ন কিল’গ্ৰাম চাহ উৎপাদন হয়৷ এবছৰৰ আগতে আছিল ২০.৬১ মিলিয়ন কিল’গ্ৰাম৷ আন এটা বাতৰি মতে, ভাৰতীয় চাহ পৰিষদৰ অধ্যক্ষ নলীন খেমানিয়ে কৈছিল যে অসমৰ চাহ উদ্যোগ বৃহত্তম প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ কাৰণ চাহৰ দাম একে আছে, কিন্তু উৎপাদন ব্যয় বাঢ়িছে আৰু উৎপাদকতা কমিছে৷ তেওঁ কৈছিল যে অসমত চাহ বাগিচাত প্ৰতি হেক্টৰত শ্ৰমিকৰ বাবত খৰচ হয় ৭৮৭.৫০ টকা, কিন্তু দিক্ষণ ভাৰতৰ ৰাজ্যবোৰত ৩৪১.৮০ টকা৷ তেওঁ লগতে কৈছিল যে যোৱা চাৰি মাহত অসমত শ্ৰমিকৰ ডাঙৰ নাটনি হৈছে, ফলত চাহপাত ছিঙাৰ মান নিম্নগামী হৈছে৷ অসমৰ চাহ উদ্যোগৰ উৎপাদকতা উন্নত কৰিবৰ বাবে তেওঁ যন্ত্ৰৰ ব্যৱহাৰৰ [মেকানাইজ্‌ড হাৰ্ভেষ্টিং] পোষকতা কৰিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here