গাখীৰৰ সৈতে কি সেৱন কৰিলে চাইনাছাইটিছৰ বেথা কমে

0
760

চাইনাছৰ সমস্যা যিসকলৰ আছে, তেওঁলোকেহে জানে ইয়াৰ যন্ত্ৰণা কিমান৷ বহু মানুহৰ এই সমস্যা থাকিলেও ইয়াক আওকাণ কৰাৰ ফলত দিন বাগৰাৰ লগে লগে গুৰুতৰ ৰূপ লয়৷ চাইনাছাইটিছত ভোগা লোকসকলে নাক বন্ধ হৈ বায়ু চলাচল কৰিব নোৱৰাৰ ফলত উশাহ-নিশাহত কষ্ট পায়, ফলত অত্যন্ত মূৰ বিষায়৷ বহুতে এনে অৱস্থা হ’লে বিষৰ পৰা পৰিত্ৰাণ পাবলৈ পেইনকিলাৰ খায়৷ এয়ে সমায়িকভাৱে বিষ নাইকিয়া কৰে যদিও সমস্যাটো সমস্যা হৈয়ে থাকি যায়৷ সেয়েহে কিছু ঘৰুৱা উপায়েৰে আমি ছাইনাছাইটিছৰ সমস্যা সমাধান কৰিব পাৰোঁ৷ সেই বিষয়ে জানো আহক৷
গাখীৰত ভিটামিন-এ, কেলচিয়াম, ভিটামিন-ডি আদি পোৱা যায়৷  গাখীৰ  এবিধ সুষম আহাৰ হোৱা হেতু শৰীৰ সুস্থ ৰখাত অৰিহণা যোগায়৷ আনহাতে হালধি হ’ল প্ৰদাহকাৰী খাদ্য৷ সেয়েহে নিয়মিতভাৱে গাখীৰৰ সৈতে হালধি মিহলাই সেৱন কৰিলে ছাইনাছাইটিছৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি৷ ইয়াৰ উপৰি শৰীৰৰ বিষ-বেদনা, ইমিউনিটি বঢ়োৱাত এই মিশ্ৰণে যথেষ্ট সহায় কৰে৷ ছাইনাছাইটিছ নিৰাময়ৰ বাবে বহু আগৰে পৰা চলি অহা এটা পদ্ধতি হ’ল ষ্টিম বা ভাপ দিয়া৷ এটা পাত্ৰত অলপ পানী গৰম কৰি তাৰ ভাপ নাকেৰে ল’লে ছাইনাছাইটিছৰ পৰা বহুখিনি সকাহ পোৱা যায়৷ আনহাতে গৰম পানীত কপাহ বা কপাহী কাপোৰ এখন তিয়াই লৈ ভালদৰে মুখখন কেইবাবাৰো মচি দিব৷ এইদৰে কৰিলেও ছাইনাছাইটিছৰ যন্ত্ৰণাৰ পৰা হাত সাৰিব পাৰি৷ অত্যধিক মূৰৰ বিষ তথা বিষ-বেদনাৰ হ’লে ততালিকে চিকিৎসকৰ কাষ চাপক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here