সাৱধান ! চাউলত থাকে আৰ্ছেনিক ! Rice contains Arsenic

0
1582


বিশ্বৰ বিভিন্ন দেশৰ প্ৰধান খাদ্য হ’ল ভাত ৷ ভাতত বিভিন্ন ধৰণৰ উপাদান পোৱা যায়, যি শৰীৰৰ কাৰণে উপকাৰী৷ কিন্তু গৱেষণা কৰি পোৱা গৈছে যে ভাত ৰন্ধা পদ্ধতি ভুল হ’লে আপুনি কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগৰ স্বীকাৰ হ’ব পাৰে৷

সম্প্ৰতি Queen’s University-ৰ দ্বাৰা কৰা এক গৱেষণাত এই কথা প্ৰকাশ পাইছে৷ দেখা গৈছে যে বেছিভাগ স্থানতে ধানখেতিত আৰ্ছেনিক জাতীয় কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা হয়৷ যাৰ বিৰূপ প্ৰভাৱ আমাৰ শৰীৰত পৰে৷ লগতে ধানখেতি কৰা ঠাইবোৰত পানী জমা হৈ বানপানীও হোৱা দেখা যায়৷ যাৰ বাবে শস্যসমূহে প্ৰাকৃতিকভাৱে আৰ্ছেনিক শুহি লোৱাত সহজ হয়৷
এই আৰ্ছেনিক দেহৰ ভিতৰলৈ গ’লে শৰীৰত বিষক্ৰিয়া ঘটে আৰু লাহে লাহে ইয়াৰ পৰিমাণ বাঢ়ি কেঞ্চাৰৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়৷ এতিয়া কথা হ’ল চাউলত আৰ্ছেনিক থকা বুলি গম পোৱাৰ পাছত আপুনি কি ভাত খোৱা এৰি দিব নেকি? একদমেই নালাগে৷ কিছু সঠিক পদ্ধতি অৱলম্বন কৰি চাউলৰ পৰা আৰ্ছেনিকৰ পৰিমাণ কমাব পৰা যায়৷ ইয়াৰ বাবে আপুনি তলত দিয়া ধৰণে নিয়মবোৰ মানি ভাত ৰান্ধি খালে নিশ্চয় সুফল লাভ কৰিব পাৰিব৷

Scientists Find New Way of Cooking Rice That Removes Arsenic and Retains Nutrients


(১) প্ৰথমে চাউলখিনি কেইবাবাৰো পৰিষ্কাৰকৈ ধুই কমেও ২/৩ ঘণ্টা পানীত ভিজাই থৈ দিয়ক৷ গোটেই ৰাতি ভিজাই থ’লেও কোনো অসুবিধা নাই৷


(২) ইয়াৰ পাছত এটা বাচনত প্ৰত্যেক কাপ চাউলৰ বিপৰীতে চাৰি কাপকৈ পানী দি উতলিব দিয়ক৷


(৩) এতিয়া ভিজাই ৰখা চাউলখিনি চেকি লৈ উতলি থকা পানীখিনিত পাঁচ মিনিটমান দি গৰম কৰক৷


(8) ৫ মিনিটমান পাছত পানীখিনি পেলাই আকৌ দুকাপমান পানী দি চাউলখিনি মিডিয়াম চিমত সিজিবলৈ দিয়ক৷


এই পদ্ধতি অৱলম্বন কৰিলে নিশ্চয় আপোনাৰ চাউলকেইটাৰ পৰা আৰ্ছেনিকৰ পৰিমাণ কমোৱাত সহায়ক হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here