বিক্ৰী হৈছে ভেজাল মিঠাতেল ! ক্ৰয় কৰোঁতে সাৱধান হওক (Beware of adulterated mustard oil in the market)

0
397
ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰৰ বজাৰত উপলব্ধ ফল-মূল, শাক-পাচলি, গাখীৰ, পানী, মাছ আদি  খাদ্য সামগ্ৰীৰ ভেজালকৰণৰ তথ্য বিভিন্ন সময়ত পোহৰলৈ আহিছে৷ বজাৰত এতিয়া সতেজ খাদ্য সামগ্ৰীৰ অভাৱ৷  বজাৰত উভৈনদী হৈ পৰা প্ৰতিবিধ খাদ্য সামগ্ৰীকে এতিয়া ব্যৱসায়ীয়ে ভেজাল কৰি গ্ৰাহকক বিক্ৰী কৰিছে৷ বিভিন্ন সামগ্ৰীৰ ভেজালকৰণৰ পাছত শেহতীয়াভাৱে পোহৰলৈ আহিছে মিঠাতেলৰ ভেজালকৰণৰ তথ্য৷ একাংশ অসাধু ব্যৱসায়ী চক্ৰ আৰু মিঠাতেল প্ৰস্তুতকৰ্তা কোম্পানীয়ে বজাৰত এৰি দিছে ভেজাল মিঠাতেল৷ পূৰ্বতে খোৱাতেলৰ সৈতে ছিন্থেটিক সামগ্ৰী বা জন্তুৰ চৰ্বি বা কম মূল্যৰ তেল মিহলোৱা হৈছিল৷ এনে তেলৰ ভেজাল ধৰা পেলোৱাটোও সহজ নহয়৷ কিন্তু এতিয়া বজাৰত বিক্ৰী হৈ থকা মিঠাতেলত মিহলোৱা হৈছে নিষিদ্ধ শস্যৰে উৎপাদিত তেল৷ বজাৰত পোৱা প্ৰায় ২০টাৰো অধিক ব্ৰেণ্ডৰ মিঠাতেলেই ভেজাল৷ আৰগিমণি-মেক্সিক’না শস্যৰে উৎপাদিত তেল, মিঠাতেলৰ সৈতে মিহলাই বিক্ৰী কৰা হৈছে৷ কিন্তু আৰগিমণি-মেক্সিক’না শস্যৰে উৎপাদিত তেল মানুহৰ স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক৷ খাদ্যৰ ভেজালকৰণৰ বাবেই কৰ্কট ৰোগ, যকৃতৰ ৰোগ, এনিমিয়া বা ৰক্তহীনতা, পেৰেলাইছিছ, মগজুৰ ক্ষতি বা গৰ্ভপাত আদিৰ দৰে গুৰুতৰ ৰোগ আৰু সমস্যাৰ সৃষ্টি  হয়৷ খাদ্যৰ ভেজালকৰণৰ বাবেই আনকি এলাৰ্জিৰ পৰা আৰম্ভ কৰি সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰুওৱা বা মৃত্যু পৰ্যন্ত হোৱাৰ সম্ভাৱনাও বহু বৃদ্ধি পায়৷ উল্লেখ্য যে খাদ্য ভেজালকৰণ প্ৰতিৰোধ আইন, ১৯৫৪ দেশত খাদ্য ভেজালকৰণ প্ৰতিৰোধ কৰিবৰ বাবে মূল বিধি হিচাপে ব্যৱহাৰ কৰি অহা হৈছে৷ কিন্তু এই আইনে এই অনিয়ম সম্পূৰ্ণ ৰোধ কৰিব পৰা নাই৷ চৰকাৰে জনসাধাৰণক খাদ্যৰ সুৰক্ষা দিয়াৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দি অসাধু ব্যৱসায়ীৰ কাৰ্যকলাপ ৰোধৰ পদক্ষেপ ল’বলৈ ৰাইজে আহবান জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here