মুকলি হ’ল স্বাস্থ্যসন্মত মাছৰ চাটনি: ক’ত, কেতিয়া ? Scientifically prepared fish chutney launched

0
754
মহানগৰীৰ ৰূপনগৰস্থিত ফিচফেডে ৰাজ্যত স্বাস্থ্যসন্মত আৰু শৃংখলাবদ্ধ মৎস্য বিপণন নিৰৱচ্ছিন্নভাৱে আগবঢ়াই নিবলৈ প্ৰয়াস কৰিছে৷ তাৰ অংশ হিচাপে ফিছফেডে সতেজ আৰু জীৱিত মাছৰ পৰা প্ৰস্তুত কৰা ৰুচিব্যঞ্জক খাদ্য সামগ্ৰী যোগানত অহৰহ ব্ৰতী হৈছে৷ জনসাধাৰণৰ অকুণ্ঠ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি উইবিটু ইক’ ইণ্টাৰনেশ্যনেল প্ৰাঃ লিঃ-এ ফিছফেডৰ কাৰিকৰী সহযোগিতাত জনসাধাৰণলৈ  বজাৰত মাছৰ চাটনি উলিয়াই দিছে৷ আন্তঃৰাষ্ট্ৰীয় মানৰ আকৰ্ষণীয় পেকেজিঙেৰে সুস্বাদু এটা ১০ গ্ৰাম পেকেটৰ মূল্য দহ টকা৷ উল্লেখ্য যে ইতিমধ্যে প্ৰতিষ্ঠানটোৰ দ্বাৰা প্ৰস্তুত কৰা ষ্টেভিয়া  দেশৰ বজাৰত বহুলভাৱে সমাদৃত হৈছে৷ প্ৰতিষ্ঠানটোৱে জনোৱা মতে মূলতঃ ম্যানমাৰৰ পৰা আমদানিকৃত এনে সামগ্ৰীৰে বজাৰ দখল কৰাত সুস্থ প্ৰতিযোগিতাৰে থলুৱা উদ্যোগীৰ হাতত ৰখাৰ প্ৰয়াসেই ইয়াৰ মুখ্য উদ্দেশ্য৷ ফিছফেডৰ পৰিচালন সঞ্চালক ড॰ ধ্ৰুৱজ্যোতি শৰ্মাই থলুৱা প্ৰতিষ্ঠানটোৰ এনে কাৰ্যৰ শলাগ লয় আৰু এনেধৰণৰ প্ৰচেষ্টাই ৰাজ্যৰ মীন খণ্ডলৈ এক ইতিবাচক বাৰ্তা বহন কৰিব বুলিও তেওঁ লগতে উল্লেখ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here