সাৱধান ! গুৱাহাটীত এইবাৰ কুকুৰ চোৰৰ টিঘিলঘিলনি

0
1295

মহানগৰীৰ বাটে-পথে ঘৰি ফুৰা কুকুৰবোৰৰ কথা এৰিলোয়েই যেনিবা, কিন্তু এইবাৰ আপোনাৰ মৰমৰ পোহনীয়া কুকুৰটোও চুৰ হ’ব পাৰে৷ কিয়নো গুৱাহাটী মহানগৰীত কুকুৰ চোৰৰ দল সক্ৰিয় হৈছে৷ মহানগৰীত এতিয়া কুকুৰ চোৰ দলে পিতপিতাই ফুৰিছে৷ যিকোনো মুহূৰ্ততে আপোনাৰো প্ৰিয় কুকুৰটো নোহোৱা হ’ব পাৰে৷ সেয়েহে এতিয়াৰ পৰা কুকুৰৰ গৰাকী সাৱধান হওক৷ এনে এক কুকুৰ চুৰি চক্ৰৰ পৰা ফটাশিল আমবাৰী আৰক্ষীয়ে এটা চোৰাং কুকুৰ উদ্ধাৰ কৰে৷ ইয়াৰ লগতে চুৰ কৰা কুকুৰ ভৰাই নিবলৈ অনা দহটা বস্তাৰ সৈতে এখন বাহনো আৰক্ষীয়ে জব্দ কৰে৷ আৰক্ষী সূত্ৰে প্ৰকাশ কৰা মতে ধীৰেনপাৰা ইটাভাটা তিনিআলিত এ এছ ০১ এ এ ৩১৩৯ নম্বৰৰ টাটা টিয়াগো বাহনখন সন্দেহজনকভাৱে ৰৈ আছিল৷ আৰক্ষীৰ নিয়মীয়া টহলদাৰীৰ দলে ৰৈ থকা বাহনখনত সন্দেহ হোৱাত বাহনখনক তালাচী চলায়৷ তালাচীৰ সময়ত বস্তাত ভৰাই থোৱা অৱস্থাত এটা কুকুৰ উদ্ধাৰ কৰে৷ আৰক্ষীয়ে লগে লগে বাহনখনত থকা সুনীল বে’, ডেভিদ ইংতি, ধনীৰাম ৰাংহাং, চেৰন সিং ফাংচো আৰু লংবি ছন লেক্তে নামৰ লোককেইজনৰ গ্ৰেপ্তাৰ কৰে আৰু কুকুৰ চোৰ লগত জড়িত থকাটো ধৰা পেলায়৷ দলটোৱে স্বীকাৰ কৰা মতে বাটে-পথে ঘূৰি ফুৰা কুকৰক নিচাজাতীয় দ্ৰব্য মিহলোৱা বিস্কুট খাবলৈ দি সংজ্ঞাহীন হোৱাৰ পাছত বস্তাত ভৰাই চুৰ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here