মহানগৰীৰ বাটে-পথে ঘৰি ফুৰা কুকুৰবোৰৰ কথা এৰিলোয়েই যেনিবা, কিন্তু এইবাৰ আপোনাৰ মৰমৰ পোহনীয়া কুকুৰটোও চুৰ হ’ব পাৰে৷ কিয়নো গুৱাহাটী মহানগৰীত কুকুৰ চোৰৰ দল সক্ৰিয় হৈছে৷ মহানগৰীত এতিয়া কুকুৰ চোৰ দলে পিতপিতাই ফুৰিছে৷ যিকোনো মুহূৰ্ততে আপোনাৰো প্ৰিয় কুকুৰটো নোহোৱা হ’ব পাৰে৷ সেয়েহে এতিয়াৰ পৰা কুকুৰৰ গৰাকী সাৱধান হওক৷ এনে এক কুকুৰ চুৰি চক্ৰৰ পৰা ফটাশিল আমবাৰী আৰক্ষীয়ে এটা চোৰাং কুকুৰ উদ্ধাৰ কৰে৷ ইয়াৰ লগতে চুৰ কৰা কুকুৰ ভৰাই নিবলৈ অনা দহটা বস্তাৰ সৈতে এখন বাহনো আৰক্ষীয়ে জব্দ কৰে৷ আৰক্ষী সূত্ৰে প্ৰকাশ কৰা মতে ধীৰেনপাৰা ইটাভাটা তিনিআলিত এ এছ ০১ এ এ ৩১৩৯ নম্বৰৰ টাটা টিয়াগো বাহনখন সন্দেহজনকভাৱে ৰৈ আছিল৷ আৰক্ষীৰ নিয়মীয়া টহলদাৰীৰ দলে ৰৈ থকা বাহনখনত সন্দেহ হোৱাত বাহনখনক তালাচী চলায়৷ তালাচীৰ সময়ত বস্তাত ভৰাই থোৱা অৱস্থাত এটা কুকুৰ উদ্ধাৰ কৰে৷ আৰক্ষীয়ে লগে লগে বাহনখনত থকা সুনীল বে’, ডেভিদ ইংতি, ধনীৰাম ৰাংহাং, চেৰন সিং ফাংচো আৰু লংবি ছন লেক্তে নামৰ লোককেইজনৰ গ্ৰেপ্তাৰ কৰে আৰু কুকুৰ চোৰ লগত জড়িত থকাটো ধৰা পেলায়৷ দলটোৱে স্বীকাৰ কৰা মতে বাটে-পথে ঘূৰি ফুৰা কুকৰক নিচাজাতীয় দ্ৰব্য মিহলোৱা বিস্কুট খাবলৈ দি সংজ্ঞাহীন হোৱাৰ পাছত বস্তাত ভৰাই চুৰ কৰে৷
সাৱধান ! গুৱাহাটীত এইবাৰ কুকুৰ চোৰৰ টিঘিলঘিলনি
By Health Plus
382
Previous articleএটুপি খোৱাপানী বিচাৰি মহানাগৰিকৰ হাহাকাৰ
Next articleআবিৰৰ ৰঙে সম্প্ৰীতিৰ এনাজৰীডাল নিকপকপীয়া কৰক
RELATED ARTICLES
পাঁচখন গাঁৱত ধূমপান নিষিদ্ধ!জানক ইয়াৰ আঁৰৰ কথা
Health Plus - 0
ধূমপানৰ পৰা হ’ব পৰা ক্ষয়-ক্ষতিৰ তালিকাখন আমাৰ সকলোৰে জ্ঞাত৷ সেয়ে সময়সাপেক্ষে কিছুমান এলেকা বা অঞ্চল ধূমপানৰ পৰা সুৰক্ষিত হ’বলৈ নিষিদ্ধ কৰা হয়৷...
চলিত সপ্তাহত পৃথিৱীৰ একেবাৰেকাষেৰে পাৰ হ’ব এটা গ্ৰহাণু
Health Plus - 0
ন্ডপৃথিৱীৰ কাষেৰে গ্ৰহাণু বা গ্ৰহাণুপুঞ্জ পাৰ হোৱাৰ ঘটনাটো নতুন নহয় যদিও পৃথিৱীৰ একেবাৰে কাষেৰে গ্ৰহাণু পাৰ হোৱাৰ ঘটনা এইবাৰ সংঘটিত হ’ব৷ চলিত...
বাহন চলিব গোবৰ গেছৰ ইন্ধনেৰে ! ক’ত, কেতিয়া?
Health Plus - 0
দেশৰ বাহন নিৰ্মাণ প্ৰতিষ্ঠান মাৰুতি ছুজুকি মটৰ কৰ্প’ৰেশ্যনে ২০৩০ চনলৈকে শেহতীয়াকৈ এক দীৰ্ঘকালীন পৰিকল্পনা হাতত লৈছে৷ বাহন নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৱে আগন্তুক সময়ত...
Most Popular
পাঁচখন গাঁৱত ধূমপান নিষিদ্ধ!জানক ইয়াৰ আঁৰৰ কথা
ধূমপানৰ পৰা হ’ব পৰা ক্ষয়-ক্ষতিৰ তালিকাখন আমাৰ সকলোৰে জ্ঞাত৷ সেয়ে সময়সাপেক্ষে কিছুমান এলেকা বা অঞ্চল ধূমপানৰ পৰা সুৰক্ষিত হ’বলৈ নিষিদ্ধ কৰা হয়৷...
শীতকালত আপোনাৰচকুযুৰিৰ যতন কিদৰে ল’ব
আমি সকলোৱে শৰীৰৰ বিভিন্ন অংগৰ যতনৰ ওপৰত গুৰুত্ব দিওঁ৷ কিন্তু চকুৰ যতন ল’বলৈ পাহৰি যাওঁ৷ চকুযুৰিৰ জৰিয়তে আমি ধুনীয়া পৃথিৱীখনৰ সৌন্দৰ্যৰ দেখিবলৈ...