সাৱধান! ক’ভিডৰ নতুন ভেৰিয়েণ্টৰ বিৰুদ্ধে ন’ভাভেক্সৰ প্ৰস্তুতি কি ? What is Novavax’s preparation for the new Covid variant?

0
442
ন’ভাভেক্স কোম্পানীয়ে জনায় যে দক্ষিণ আফ্ৰিকাত ধৰা পেলোৱা কৰ’না ভাইৰাছৰ নতুন ভেৰিয়েণ্টক লক্ষ্য কৰি কভিড-১৯ ভেকচিনৰ এক নতুন সংস্কৰণ প্ৰস্তুতৰ কাম কোম্পানীটোৱে আৰম্ভ কৰিছে৷ তেওঁলোকে জনোৱা মতে অহা কেইসপ্তাহমানৰ ভিতৰতে পৰীক্ষা আৰু তৈয়াৰৰ বাবে এই ভেকচিনৰ পালি প্ৰস্তুত হ’ব৷ কোম্পানীটোৰ কভিড-১৯ ভেকচিনত ভাইৰাছটোৰ স্পাইক প্ৰ’টিনৰ প্ৰকৃত সংস্কৰণ আছে, যি ৰোগ সৃষ্টি নকৰে, শৰীৰৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাক সাজু কৰে৷ কোম্পানীটোৱে আৰু জনায় যে বিশেষভাৱে বি.১.১.৫২৯ ভেৰিয়েণ্টৰ জেনেটিক ছিকুৱেন্সৰ ভিত্তিত ই এক স্পাইক প্ৰটিন প্ৰস্তুতৰ কাম আৰম্ভ কৰিছে৷ ইয়াৰ প্ৰাৰম্ভিক কামখিনিত কেইসপ্তাহমান লাগিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here