অ’মিক্ৰনে আনিব পাৰে তৃতীয় ঢৌ || Omicron could cause third wave of Covid

0
514
কৰ’নাৰ অ’মিক্ৰন ভেৰিয়েণ্ট মহামাৰীৰ তৃতীয় ঢৌৰ কাৰণ হ’ব পাৰে৷ এই মন্তব্য কানপুৰ IIT-ৰ অধ্যাপক মনীন্দ্ৰ আগৰৱালাৰ৷ আগৰৱালাৰ মতে, নতুন কৰ’না ভেৰিয়েণ্টক লৈ অতি আতংকিত হোৱাতকৈ সাৱধান হোৱা বেছি প্ৰয়োজন৷ অ’মিক্ৰন অতি সংক্ৰামক৷ এই কাৰণে ই তৃতীয় ঢৌ আনিব পাৰে৷ কিন্তু ইয়াৰ আগৰ ঢৌবোৰতকৈ ই কম মাৰাত্মক হোৱাৰ আশা আছে৷ অধ্যাপক আগৰৱালাই কয় যে ভেক্‌চিনতকৈ স্বাভাৱিক ৰোগ প্ৰতিৰোধ শক্তি বা নেচাৰেল ইমিউনিটি ছিষ্টেমে নতুন ভেৰিয়েণ্টক প্ৰতিৰোধ কৰাত বেছি সক্ষম৷ অৱশ্যে তেওঁ কয় যে অহা ৮-১০ দিনত তেওঁ অধ্যয়ন প্ৰতিবেদন তৈয়াৰ কৰি সঠিককৈ ক’ব পাৰিব৷ তেওঁ আৰু কয় যে শক্তিশালী ৰোগ প্ৰতিৰোধ শক্তিত অ’মিক্ৰন ভেৰিয়েণ্টে বেছি প্ৰভাৱ পেলাব নোৱাৰে৷ ইয়াৰ প্ৰভাৱ আফ্ৰিকাৰ যুৱকসকলৰ ওপৰতহে পৰিছে৷ তাত প্ৰাপ্তবয়স্কসকলে টিকাকৰণৰ ফল পাইছে৷ শক্তিশালী ৰোগ প্ৰতিৰোধ শক্তিৰ বাবে শিশু এতিয়াও ভাইৰাছৰ পৰা ৰক্ষা পৰি আছে৷ আগৰৱালাই আৰু জনায় যে ভাৰতৰ ৮০ শতাংশ লোকৰ স্বাভাৱিক ৰোগ প্ৰতিৰোধ শক্তি শক্তিশালী হৈ পৰিছে৷ সেয়ে নতুন ভেৰিয়েণ্টৰ বিশেষ প্ৰভাৱ ভাৰতত দেখিবলৈ পোৱা নাযাব৷ তেওঁ আৰু কয় যে কিন্তু কৰ’নাৰ এটা ঢৌ ভাৰতলৈ আহিব৷ তেওঁ কয় যে আগন্তুক কেইদিনমান তেওঁ অ’মিক্ৰনৰ সম্পৰ্কত গোটেই বিশ্বৰ তথ্য অধ্যয়ন কৰিব৷ কিন্তু বৰ্তমানলৈকে পোৱা তথ্যৰ আধাৰত তেওঁ দাবী কৰে যে ভাইৰাছটোৰ সৈতে যুঁজত স্বাভাৱিক ৰোগ প্ৰতিশোধ শক্তি বেছি ফলদায়ক হ’ব৷ উল্লেখ্য যে কানপুৰ আই আই টিৰ কম্পিউটাৰ ছায়েন্স ইঞ্জিনীয়াৰিং বিভাগৰ অধ্যাপক আগৰৱালাই ইয়াৰ আগতে ক’ভিডৰ প্ৰথম আৰু দ্বিতীয় ঢৌৰ পূৰ্বানুমান কৰিছিল৷ তেওঁৰ প্ৰতিবেদন সত্য প্ৰতিপন্ন হৈছিল৷ তেওঁ কম্পিউটাৰ মডেল ‘সূত্ৰ’ৰ জৰিয়তে ক’ভিডৰ ঢৌৰ আগজাননী দিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here