সাৱধান! অক্টোবৰ-নৱেম্বৰত কৰ’নাৰ তৃতীয়টো ঢৌৱে চৰম ৰূপ ল’ব

0
1486
ভাৰতত কৰ’নাৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌ এতিয়াও অন্ত পৰা নাই৷ ইয়াৰ মাজতে তৃতীয়টো ঢৌক লৈ সতৰ্কবাণী জাৰি কৰি থকা হৈছে৷ বিজ্ঞানীসকলে এইবুলি সতৰ্ক কৰি দিছে যে যদিহে হাতত সময় থাকোঁতে কভিড-১৯ৰ নিয়মসমূহ মানি চলা নহয়, তেতিয়া অক্টোবৰ-নৱেম্বৰত ভাৰতত কৰ’নাৰ সংক্ৰমণৰ তৃতীয়টো ঢৌৱে চৰম ৰূপ ল’ব৷ ইয়াৰ লগতে এইবুলিও কোৱা হৈছে যে তৃতীয়টো ঢৌৱে ভয়াৱহ ৰূপ লোৱাৰো সম্ভাৱনা আছে৷ ভাৰতত কভিড-১৯ৰ সংক্ৰমণৰ বিষয়ে অনুমান কৰা ‘সূত্ৰ’ মডেল বিশ্লেষণ কৰি বিজ্ঞানীসকলে এই কথা প্ৰকাশ কৰিছে৷ বিজ্ঞানীসকলৰ মতে যদি কৰ’নাৰ কোনো নতুন ভেৰিয়েণ্টৰ সৃষ্টি হয়, তেতিয়া কৰ’নাৰ সংক্ৰমণৰ তৃতীয়টো ঢৌৱে অধিক ভয়াৱহ ৰূপ ল’ব পাৰে৷ 

‘সূত্ৰ’ গাণিতিক মডেলৰ জৰিয়তে ভাৰতত কৰ’নাৰ সংক্ৰমণৰ বিষয়ে অনুমান কৰা IIT, কানপুৰৰ অধ্যাপক মনিন্দ্ৰ আগৰৱালাই কয় যে আগৰ বাৰৰ দৰে যাতে এইবাৰ ভুল নহয়, তাৰ বাবে তৃতীয় ঢৌৰ অনুমান কৰাৰ সময়ত তিনিটা ধাৰণা ক্ৰমে আশাবাদী, মধ্যৱৰ্তী আৰু নিৰাশাবাদী কথা বিবেচনা হয়৷ তেওঁ কয় যে তৃতীয়টো ঢৌৰ বিষয়ে সঠিকভাৱে অনুমান কৰিবলৈ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা, টিকাকৰণৰ প্ৰভাৱ আৰু কৰ’নাৰ এটা অধিক সংক্ৰামক ৰূপ সৃষ্টি হোৱাৰ সম্ভাৱনাক কাৰক হিচাপে লোৱা হৈছে৷ দ্বিতীয়টো ঢৌৰ বিষয়ে অনুমান কৰাৰ সময়ত সেইটো কৰা হোৱা নাছিল বুলি তেওঁ কয়৷ এই ধাৰণাৰ পৰা কৰা অনুমান মতে, কৰ’না ভাইৰাছে ৰূপ সলনি কৰিলে ভাৰতত তৃতীয়টো ঢৌৰ সৃষ্টি হ’ব আৰু অক্টোবৰ-নৱেম্বৰত এই ঢৌ চৰম পৰ্যায়ত থাকিব৷ সেই সময়ত প্ৰতি দিনে ১.৫ লাখৰ পৰা ২ লাখ লোকৰ নতুনকৈ সংক্ৰমণ হ’ব৷ আগৰৱালাৰ মতে, নতুন ভেৰিয়েণ্টৰ সৃষ্টি হ’লে তৃতীয় ঢৌত সংক্ৰমণ ক্ষিপ্ৰ গতিত বৃদ্ধি পাব, কিন্তু দ্বিতীয়টো ঢৌৰ তুলনাত ইয়াৰ শক্তি কম হ’ব৷ সেই সময়ত প্ৰতিদিনে সংক্ৰমণ হোৱা লোকৰ সংখ্যা দ্বিতীয়টো ঢৌ চৰম পৰ্যায়ত থকাৰ সময়ত হোৱাৰ সংক্ৰমণৰ আধা হ’ব৷ তেওঁৰ মতে, টিকাকৰণ অভিযান আগবাঢ়ি যোৱাৰ লগে লগে তৃতীয়টো বা চতুৰ্থটো ঢৌৰ আশংকাও ক্ৰমান্বয়ে হ্ৰাস পাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here