ৰাজ্য চৰকাৰৰ নতুন SOP

0
1433
ৰাজ্যত কভিড-১৯ৰ সংক্ৰমণৰ কিছু পৰিমাণে হ্ৰাস পাইছে যদিও কেইখনমান জিলাত এতিয়াও হ্ৰাস পোৱা নাই কভিডৰ সংক্ৰমণ৷ ৰাজ্য চৰকাৰে কভিড নিয়ন্ত্ৰণৰ বাবে সময়ে সময়ে কভিডৰ নীতি-নিয়ম বলৱৎ কৰি আহিছে৷ ৬ জুনত জি এম চি এইচত এক সংবাদমেলযোগে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কভিড নিয়ন্ত্ৰণৰ বাবে নতুন SOP প্ৰকাশ কৰে৷ ৰাজ্যত দহ দিনৰ কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে আজি নতুন কভিড নিৰ্দেশনা বলৱৎ কৰে৷ ৰাজ্য চৰকাৰে সেই অনুসৰি তিনিটা ভাগত বিভক্ত কৰি কভিড বিধি জাৰি কৰিছে৷ সাতখন জিলাক টোটেল কণ্টেইনমেণ্ট জন, কেইখনমান জিলাত পূৰ্বৰ দৰে ২ বজাৰ পৰা সান্ধ্য আইন আৰু বাকী কেইখনমান জিলাত সন্ধিয়া ৫ বজাৰ পৰা ৰাতিপুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে৷ গোৱালপাৰা, গোলাঘাট, যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, মৰিগাঁও আৰু উত্তৰ লখিমপুৰ এই জিলাকেইখনক টোটেল কণ্টেইনমেণ্ট হিচাপে ঘোষণা কৰিছে৷ এই জিলাকেইখনত অত্যাৱশকীয় সামগ্ৰী, গেলামালৰ দোকান, ফাৰ্মাচী আদি সন্ধিয়া পাঁচ বজালৈ খোলা থাকিব৷ স্কুল-কলেজ, হাট-বজাৰ আদি সম্পূৰ্ণ বন্ধ থাকিব৷ আনহাতে শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, নগাঁও, ধেমাজি, কাছাৰ, বজালী, বাক্‌সা, নলবাৰী, কৰিমগঞ্জ, কোকৰাঝাৰ, বৰপেটা, দৰং, হোজাই, কাৰ্বি আংলং আদি জিলাবোৰত পূৰ্বৰ দৰেই দুপৰীয়া ১ বজাত সকলো দোকান-পোহাৰ বন্ধ কৰিব লাগিব আৰু দুই বজাৰ পৰা পূৰ্বৰ দৰে সান্ধ্য আইন বলৱৎ কৰা হৈছে৷ ইয়াৰে কভিড সংক্ৰমণৰ হাৰ হ্ৰাস নোপোৱা শিৱসাগৰ আৰু ডিব্ৰুগড় জিলা দুখনক কভিড বিধি ব্যৱস্থাসমূহ যাতে ভালদৰে পালন হয়, তাৰ বাবে সম্পূৰ্ণ চোকা নজৰত ৰখা হ’ব৷ আনহাতে কামৰূপ মহানগৰ, ধুবুৰী, দক্ষিণ শালমাৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, চৰাইদেউ আৰু হাইলাকান্দিত কভিড সংক্ৰমণ কিছু হ্ৰাসলৈ লক্ষ্য ৰাখি জিলাকেইখনত দোকান-পোহাৰ বিয়লি চাৰি বজালৈ খোলা ৰাখিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে আৰু বিয়লি ৫ বজাৰ পৰা ৰাতিপুৱা ৫ বজালৈ সান্ধ্য আইন বলৱৎ কৰা হৈছে৷ উল্লেখ্য যে যোৱা কেইদিনমান আগত কামৰূপ মহানগৰত কভিড পৰিস্থিতিৰ কিছু উন্নত হৈছিল যদিও বৰ্তমান কভিড সংক্ৰমণ বাঢ়িবলৈ লৈছে৷ সেয়ে স্বাস্থ্য মন্ত্ৰীয়ে মহানগৰৰ বাসিন্দাসকলক সকলো কভিড বিধি কঠোৰভাৱে পালন কৰিবলৈ আহবান জনাইছে৷ ইয়াৰ উপৰি আন্তঃজিলা যাতায়াত সম্পূৰ্ণ বন্ধ থাকিব৷ স্কুল, কলেজ, হাট-বজাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব৷ চাকৰিয়ালৰ ক্ষেত্ৰত গৰ্ভৱতী মহিলা, পাঁচ বছৰৰ তলৰ সন্তান থকা মহিলা, আনভাৱে সক্ষম ব্যক্তি আদিয়ে ঘৰৰ পৰাই কাৰ্যালয়ৰ কাম-কাজ কৰিব লাগিব৷ আনহাতে জনসমাগম সম্পূৰ্ণ বন্ধৰ নিৰ্দেশ দিয়া হৈছে৷ বিবাহ বা তেনে মাংগলিক অনুষ্ঠান, শৱ দাহ আদিত দহজনৰ অধিক লোক থাকিব নোৱাৰিব৷ কাইলৈ (৭ জুলাই)ৰ পৰা পৰৱৰ্তী এসপ্তাহৰ বাবে এই নিয়মসমূহ বলৱৎ হ'ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here