সমীক্ষা : দেশত হ্ৰাস পাইছে পুৰুষ সুৰাপায়ীৰ সংখ্যা !

0
261

দেশক সুৰাপায়ী সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ যাৰ ফল ভোগ কৰিবলগীয়া হৈছে বহু পৰিয়াল, আত্মীয়-স্বজনে৷ ঘৰৰ মুৰববীজনে সুৰা পান কৰাৰ ফলত গোটেই পৰিয়ালটোৱে
 অশান্তিৰ দিন কটাবলগীয়া হয়৷ দৈনিক কতজনৰ সুৰাপান কৰাৰ ফলত দুৰ্ঘটনাত পতিত হৈ আকাল মৃত্যুৰ সাবটিবলগীয়া হৈছে, তাৰো কোনো সীমা-সংখ্যা নাই৷ সুৰাপানৰ অভ্যাস ত্যাগ কৰিবলৈ বিভিন্ন সংস্থা-সংগঠন আনকি চৰকাৰেও বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিথে যদিও সফল হোৱা দেখা নাযায়৷ ইয়াৰ বাহিৰেও চহৰ-নগৰৰ বিভিন্ন ৰিহেবিলিটেশ্যন চেণ্টাৰবোৰে অহৰহ সুৰাৰ বিৰুদ্ধে প্ৰচাৰ চলাই সজাগতা সৃষ্টি কৰা দেখা যায়৷ কিন্তু এইবাৰ আন এটা খবৰে সকলোকে উৎফুল্লিত কৰিছে৷ এইটো দেশৰ বাবে এক সুখবৰ বুলিয়েই ক’ব লাগিব৷ নেশ্যনেল ফেমিলী হেল্‌থ ছাৰ্ভেৰ শেহতীয়া এক তথ্যই বহুতকে আনন্দিত কৰিছে৷ উক্ত সংস্থাটোৰ সমীক্ষা অনুযায়ী দেশত সুৰাপানৰ প্ৰৱণতা কমিছে৷ সমীক্ষা মতে দেশত সুৰাপান কৰা পুৰুষৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে৷ ইয়াৰ বিপৰীতে মহিলাসকলৰ কিন্তু বীয়েৰ
 আৰু তাড়ীৰ প্ৰতি আকৰ্ষণ যথেষ্ট বাঢ়িছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here