ভাৰতীয়সকলে এণ্টিবায়’টিক অত্যধিক মাত্ৰাত ব্যৱহাৰ কৰে

0
774

২০১৯ চনত ভাৰতৰ ব্যক্তিগত খণ্ডত ব্যৱহাৰ কৰা ৪৭ শতাংশৰো অধিক এণ্টিবায়’টিক ফৰ্মুলেশ্যনত  কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰকে অনুমোদন জনোৱা নাছিল৷ ‘দ লেনচেট্‌ ৰিজনেল হেল্‌থ– ছাউথ ইষ্ট এছিয়া’ৰ ১ ছেপ্টেম্বৰৰ সংখ্যাত এই কথা কোৱা হৈছে৷ গৱেষকসকলে কয় যে ২০১৯ চনত ভাৰতত আটাইতকৈ বেছি ব্যৱহাৰ কৰা এণ্টিবায়’টিক ফৰ্মুলেশ্যনটো আছিল এজিথ্ৰমাইচিন ৫০০ মিঃগ্ৰাঃ টেবলেট [৯.৬%]৷ তাৰ পাছতে সেই বছৰটোত চেফিক্সিম ২০০ মিঃগ্ৰাঃ টেবলেট আটাইতকৈ বেছি [৬.৫%] ব্যৱহাৰ কৰা হৈছিল৷ গৱেষক¸সকলৰ মতে ২০১৯ চনত ভাৰতে ৫০০ কোটিৰো অধিক এণ্টিবায়’টিক ব্যৱহাৰ কৰে আৰু সেইবোৰৰ ভিতৰত আটাইতকৈ বেছি ব্যৱহাৰ কৰিছিল এজি ব্ৰমাইচিন ৫০০ মিঃগ্ৰাঃ টেবলেট৷ আমেৰিকাৰ বষ্টন ইউনিভাৰ্ছিটি আৰু নতুন দিল্লীৰ পাব্লিক হেল্‌থ ফাউণ্ডেশ্যন অব্‌ ইণ্ডিয়াৰ গৱেষকসকলে ব্যক্তিগত খণ্ডত এণ্টিবায়’টিকৰ ব্যৱহাৰৰ বিষয়টো পৰীক্ষা কৰিছিল৷ 
ভাৰতত এণ্টিবায়’টিকৰ মুঠ ব্যৱহাৰৰ ৮৫-৯০% ব্যৱহাৰ হয় ব্যক্তিগত খণ্ডত৷ প্ৰায় ৫০০০ ঔষধ কোম্পানীৰ ঔষধ মজুত ৰখা ৯০০০ ষ্টকিষ্টৰ পৰা তথ্যবোৰ সংগ্ৰহ কৰা হৈছিল৷ অৱশ্যে এই তথ্যত ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰবোৰৰ যোগেদি যোগান ধৰা ঔষধবোৰক ধৰা হোৱা নাছিল৷ গৱেষকসকলৰ মতে পূৰ্বৰ অনুমানবোৰৰ তুলনাত এণ্টিবায়’টিকৰ ব্যৱহাৰৰ হাৰ কম পোৱা হয়৷ কিন্তু ৰোগ সৃষ্টিকাৰী কিছুমান বেক্টেৰিয়াৰ বিৰুদ্ধে কাম কৰা ব্ৰড স্পেকট্ৰাম এণ্টিবায়’টিকৰ ব্যৱহাৰ অতি বেছি৷ 
তেওঁলোকে কয় যে মুঠ ডিফাইনড ডেইলি ডজ’ [ডি ডি ডি] অৰ্থাৎ প্ৰাপ্তবয়স্ক এজনে প্ৰতি দিনে গড়ে ব্যৱহাৰ কৰিব পৰা এণ্টিবায়’টিকৰ পৰিমাণ ২০১৯ চনত আছিল ৫,০৭১ মিলিয়ন [১০.৭ ডি ডি ডি/১০০০/দিনে]৷ অধ্যয়নটোৰ মতে, অত্যাৱশ্যকীয় ঔষধৰ ৰাষ্ট্ৰীয় তালিকাত [এন এল ই এম] ৪৯ শতাংশ এণ্টিবায়’টিক ফৰ্মুলেশ্যনৰ নাম আছে৷ আনহাতে ফিক্সড ড’জ কম্বিনেশ্যনছ [এফ ডি চি] ৩৪ শতাংশ আৰু অনুমোদন নজনোৱা ফৰ্মুলেশ্যন ৪৭.১ শতাংশ৷ এফ ডি চি হ’ল এটা ড’জত দুটা বা ততোধিক ঔষধৰ সংমিশ্ৰণ৷ অনুমোদন নজনোৱা ফৰ্মুলেশ্যনবোৰৰ ভিতৰত শীৰ্ষ তিনিটা এণ্টিবায়’টিক হ’ল চিফেল’স্পৰিন, মেক্ৰলাইড্‌ আৰু পেনিচিলিন৷ উল্লেখ্য যে ভাৰতত এণ্টিবায়’টিকৰ ১০ হাজাৰৰো অধিক ব্ৰেণ্ড আছে৷ জধে-মধে এণ্টিবায়’টিক ব্যৱহাৰ কৰাৰ ফলত ভাৰতকে ধৰি বহু দেশত ড্ৰাগ ৰেজিষ্টেণ্ট বেক্টেৰিয়েল ইনফেকশ্যন বাঢ়িছে৷  এতিয়াই ব্যৱস্থা নল’লে পৰিস্থিতি এণ্টিবায়’টিকৰ আগৰ যুগৰ নিচিনা হ’ব৷ বেক্টেৰিয়াৰ পৰা হোৱা বেছিভাগ সংক্ৰমণৰ চিকিৎসাৰ বাবে ফলদায়ক এণ্টিবায়’টিক নাথাকিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here