শীতকালত উচ্চ ৰক্তচাপৰ মাত্ৰা কিয় বেছি হয়?

0
259
শীতকালত পৰিৱেশৰ তাপমাত্ৰা কমি যোৱাৰ ফলত মানৱদেহৰ সিৰা আৰু ধমনীবোৰ সংকুচিত হৈ আহে৷ ইয়াৰ ফলত শৰীৰৰ উষ্ণতা বজাই ৰখা, ৰক্ত সঞ্চালন সঠিক ৰখা আৰু শৰীৰৰ বিভিন্ন অংগত ৰক্ত সৰবৰাহ কৰিবলৈ শৰীৰে অতিৰিক্ত বল প্ৰয়োগ কৰিবলগীয়া হয়৷ সেই কাৰণে শীতকালত ৰক্তচাপ বাঢ়ি যায়৷

ইয়াৰ বাবে চিকিৎসকৰ কিছু পৰামৰ্শ আৰু ঘৰুৱাভাৱে কিছু উপায় অৱলম্বন কৰি এই সমস্যাৰ পৰা হাত সাৰিব পাৰি৷ জানো আহক কি উপায় অৱলম্বনৰ দ্বাৰা শীতকালত উচ্চ ৰক্তচাপৰ পৰা নিজকে বচাই ৰাখিব পাৰি৷
[১] শীতকালত বহুতেই অতিৰিক্ত মদ্যপান কৰে৷ কিন্তু এইদৰে অতিৰিক্ত মদ্যপান কৰিলে শৰীৰৰ তাপমান হঠাৎ কমি যাব পাৰে৷ ইয়াৰ ফলত শৰীৰত মূল অভ্যন্তৰীণ তাপমাত্ৰা কমি যায় আৰু ৰক্তনলী সংকুচিত হৈ যাব পাৰে৷ যাৰ ফলত শৰীৰত ৰক্তচাপৰ পৰিমাণ বৃদ্ধি হয়৷
[২] আনহাতে শীতকালত সঘনাই কফি খালেই এইধৰণৰ সমস্যা হ’ব পাৰে৷ ৰক্তচাপৰ সমস্যা থাকিলে দিনত দুবাৰতকৈ বেছি কফি খাব নালাগে৷
[৩] শীতকালত শীতৰ পৰা বাচিবলৈ গধুৰ বা মোটা কাপোৰ পিন্ধা হয়৷ মনত ৰখা ভাল যে এইদৰে মোটা বা গধুৰ কাপোৰ পিন্ধাতকৈ পাতল কাপোৰ পিন্ধাটো শৰীৰৰ পক্ষে ভাল৷ কিয়নো গধুৰ কাপোৰে শৰীৰৰ উষ্ণতা বৃদ্ধি কৰি ৰক্তচাপ বঢ়োৱাত সহায়হে কৰে৷
[৪] শীতকালত উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ মুখ্য কাৰণটো হৈছে খাদ্যাভ্যাস৷ শীতকালত ৰক্তচাপৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখিবলৈ শাক-পাচলি খোৱা ভাল৷ আনহাতে বিভিন্ন প্ৰকাৰৰ ফল, কম স্নেহপদাৰ্থযুক্ত খাদ্য বা স্নেহ পদাৰ্থহীন দুগ্ধজাত খাদ্য খাব পাৰে৷
[৫] নিয়মিত শৰীৰচৰ্চা কৰাসকলৰ উচ্ছ ৰক্তচাপ থাকিলে তেওঁলোকে এই সময়ত অলপ অতিৰিক্ত সতৰ্ক হৈ থকাটো ভাল৷ অতিৰিক্ত পৰিশ্ৰমে যাতে দেহৰ ওপৰত চাপ নেপেলায়, সেইটো ভালদৰে মন দিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here